Commonwealth Games 2022: কমনৱেলথ গেমছত আজি মেডেল লাভ যুঁজত নামিব অসমৰ পপী হাজৰিকা

author img

By

Published : Jul 31, 2022, 12:36 PM IST

popy hazarika from assam to play for india at commonwealth games today

বাৰ্মিংহাম কমনৱেলথ গেমছত অসমৰ ভাৰোত্তোলক পপী হাজৰিকা(Popy Hazarika selected for Commonwealth game) । এইবাৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ সাতগৰাকীকৈ খেলুৱৈৰ ভিতৰত শিৱসাগৰৰ আমগুৰিৰ ভাৰোত্তোলক পপী হাজৰিকা অন্যতম । আজি ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া পপীলৈ শুভেচ্ছা আৰু পপীৰ জয় যাত্ৰাৰ বাবে প্ৰাৰ্থনা জনালে আমগুৰিবাসীয়ে(Popy Hazarika to participate in Weight lifting on today) ।

আমগুৰি,৩১ জুলাই: বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা আলেকজেণ্ডাৰ ষ্টেডিয়ামত আৰম্ভ হোৱা কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈ চমকপ্ৰদ পদৰ্শন । এইবাৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে অসমৰ সাতগৰাকীকৈ খেলুৱৈয়ে । শিৱসাগৰ জিলাৰ আমগুৰিৰ পপী হাজৰিকাই খেলাৰ সুযোগ লাভ কৰিছে কমনৱেলথ গেমছত(Popy Hazarika selected for Commonwealth game) । নামতি অঞ্চলৰ জীয়ৰী পপী হাজৰিকাই আজি কমনৱেলথ গেমছত ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব(Popy Hazarika to participate in Weight lifting on today) । পপী হাজৰিকালৈ শুভেচ্ছা আৰু শুভাশীষ জ্ঞাপন কৰে নামতি অঞ্চলবাসীয়ে ।

দেওবাৰে ভাৰোত্তোলন ৫৯ কেজি শাখাত আন কেইবাখনো দেশৰ ১১ গৰাকী খেলুৱৈৰ সৈতে পদক লাভৰ বাবে প্ৰতিদ্বন্দিতা কৰিব পপীয়ে । সৰুতেই পিতৃক হেৰুৱাব লগা হোৱা দৰিদ্ৰ পৰিয়ালৰ সন্তান পপীয়ে এক কণ্টকময় যাত্ৰাৰে ভাৰতৰ হৈ কমনৱেলথ গেমছত সুযোগ পোৱাত উৎফুল্লিত হৈ পৰে নামতি বাসী । কিছু সময়ৰ পাছতেই খেলত অৱতীৰ্ণ হ’ব লগা পপীক লৈ আশাবাদী মাতৃ । পপীয়ে পদক কঢ়িয়াই আনি দেশ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি দৃঢ় বিশ্বাসী পপীৰ গাঁওবাসী ।

কমনৱেলথ গেমছত আজি মেডেল লাভ যুঁজত নামিব অসমৰ পপী হাজৰিকা

ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰা অসমৰ সাতজন খেলুৱৈৰ ভিতৰত প্ৰতিভাবান পপী হাজৰিকাৰ পদক লাভৰ সম্ভৱনা প্ৰবল (Weight lifter Popy Hazarika) । পপীয়ে পদক লাভৰ বাবে গাঁৱৰ ৰাইজ তথা পৰিয়ালে নামঘৰত শৰাই আগবঢ়োৱাৰ লগতে ভগৱানৰ ওচৰত সফলতাৰ বাবে প্ৰাৰ্থনা জনালে ।

সুদূৰ ইংলেণ্ড ৱাৰ্মিংহামৰ পৰা ভিডিঅ’ কলযোগে গাঁৱৰ ৰাইজৰ লগত কথা পাতি আশীৰ্বাদ গ্ৰহণ কৰিলে খেলুৱৈগৰাকীয়ে । এখন সাধাৰণ ঠাইৰ এখন সাধাৰণ ঘৰৰ পৰা কমনৱেলথ গেমছলৈকে পপী হাজৰিকাৰ প্ৰত্যাহ্বান ভৰা যাত্ৰাত সহায় আগবঢ়োৱা প্ৰতিজন লোককে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলে পপী হাজৰিকাৰ মাতৃয়ে । মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই খেলত অৱতীৰ্ণ হব লগা পপীৰ সফলতাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ ৰাজ্যবাসীক অনুৰোধ জনালে পপীৰ মাতৃ আৰু ভগ্নীয়ে । ইটিভি ভাৰতৰ তৰফৰ পৰাও পপী হাজৰিকালৈ থাকিল বহু শুভকামনা ।

লগতে পঢ়ক: Fake encounter in Assam: পুনৰ ভুৱা এনকাউণ্টাৰে লজ্জিত কৰিলে অসম আৰক্ষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.