সাহিত্যিক দিগন্ত বিশ্ব শৰ্মাক ২০২২ বৰ্ষৰ ড৹ ময়িদুল ইছলাম বড়া বঁটা প্ৰদান

author img

By

Published : Sep 23, 2022, 12:04 PM IST

Moidul Islam Bora Awards function in Shivsagar

শিৱসাগৰত বিশিষ্ট অনুবাদ সাহিত্যিক দিগন্ত বিশ্ব শৰ্মাক ২০২২ বৰ্ষৰ ড৹ ময়িদুল ইছলাম বড়া (Moidul Islam Bora Award to Diganta Biswa Sarma) ৷

শিৱসাগৰ, 23 ছেপ্টেম্বৰ: শিৱসাগৰত ২০২২ বৰ্ষৰ ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় (Moidul Islam Bora Awards function in Shivsagar)৷ বৃহস্পতিবাৰে শিৱসাগৰ নগৰৰ ছোৱালী কলেজৰ প্ৰেক্ষাগৃহত বিশিষ্ট অনুবাদ সাহিত্যিক দিগন্ত বিশ্ব শৰ্মাক ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান কৰা হয় (Moidul Islam Bora Award to Diganta Biswa Sarma) ৷

লণ্ডনৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা‌ প্ৰথমগৰাকী অসমীয়া ডক্টৰেট, ঢাকা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা প্ৰথমগৰাকী অসমীয়া উপাচাৰ্য, অসম সাহিত্য সভাৰ ১৯৪০ চনৰ সভাপতি, পণ্ডিত ড৹ ময়িদুল ইছলাম বড়াৰ স্মৃতিত প্ৰৱৰ্তন কৰা হয় এই বঁটা ৷

অসমৰ বিশিষ্ট সাহিত্যিক, অনুবাদক তথা সাহিত্য অকাডেমি বঁটাপ্ৰাপক দিগন্ত বিশ্ব শৰ্মাক সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই বঁটা প্ৰদান কৰে ৷ অৰুণোদয় সাহিত্য সভা আৰু ড৹ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতিৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, বিশিষ্ট নিবন্ধকাৰ ড৹ সব্যসাচী মহন্ত, বিশিষ্ট কবি প্ৰেম গগৈও উপস্থিত থাকে ।

সাহিত্যিক দিগন্ত বিশ্ব শৰ্মাক ২০২২ বৰ্ষৰ ড৹ ময়িদুল ইছলাম বড়া বঁটা প্ৰদান

উল্লেখ্য যে প্ৰসিদ্ধ সাহিত্যিক কৈলাস নাথ শৰ্মা আৰু মৃণালিনী দেৱীৰ দ্বিতীয় পুত্ৰ দিগন্ত বিশ্ব শৰ্মাই বাল্যকালতেই তীক্ষ্ন বুদ্ধি আৰু মেধাৰ পৰিচয় দিয়াৰ উপৰিও তাৰ্কিক আৰু সুবক্তা হিচাপে খ্যাতি অৰ্জন কৰিছিল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ ডিগ্ৰী আৰু আইন পাঠ্যক্ৰমতো তেখেতে একেৰাহে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল ৷

এক আদৰ্শবান পৰিয়ালত‌ জন্ম গ্ৰহণ কৰা দিগন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰৰ বানিজ্য শাখাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছতেই আইন পৰীক্ষাতো পাৰদৰ্শিতাৰে উত্তীৰ্ণ হৈছিল ৷

শৰ্মাই জিলা পৰিবহণ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পাছতেই তেখেত ঋষি অৰবিন্দ ঘোষ, ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ জীৱন দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ আধ্যাত্মিক কৰ্ম সাধনাত ব্ৰতী হৈ পৰে। এনে মহান মনিষী সকলৰ আধ্যাত্মিক জীৱন আৰু চিন্তা চেতনাৰে এই মনিষীৰ সেৱাতেই নিজৰ জীৱন উৎসৰ্গা কৰি চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰে।

ইয়াৰ সমান্তৰালভাৱে দিগন্ত বিশ্ব শৰ্মাই "ভাৰতীয় সংস্কৃতিৰ ভিত্তি", চেকুলাৰিম ৰাষ্ট্ৰদ্ৰোহৰ অন্য এক নাম, কৰ্মযোগী, ভাৰতৰ নৱ প্ৰজন্ম, কাৰাকাহিনী, গীতাৰ ভূমিকা, ড৹ শ্যামা প্ৰসাদ মুখাৰ্জী, এক নিৰ্মল আৰু সাহসী জীৱনৰ দৰে বহু অমূল্য গ্ৰন্থ অনুবাদ কৰি‌ অসমীয়া ভাষা সাহিত্যৰ জগতলৈ উল্লেখনীয় অবদান আগবঢ়াবলৈ সক্ষম হৈছে ৷

দিগন্ত বিশ্ব শৰ্মাই ঋষি অৰবিন্দৰ দ্বাৰা ৰচিত "ভাৰতীয় সংস্কৃতিৰ ভিত্তি" শীৰ্ষক অমূল্য গ্ৰন্থ অনুবাদ কৰি ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি অনুদিত বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ প্ৰচুৰ অধ্যয়নশীল এই গৰাকী ব্যক্তিয়ে অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ঋষি অৰবিন্দৰ দৰে মনিষী সকলৰ জীৱন দৰ্শনৰ ওপৰত তত্ত্ব গধুৰ বক্তৃতা প্ৰদান কৰি ছাত্ৰ সমাজক আধ্যাত্মিক দিশত সবল কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে ।

এই বিশেষ বঁটা গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে এইয়া তেঁওৰ কৰ্ম আগবঢ়াই নিয়াৰ এক প্ৰেৰণা বুলি উল্লেখ কৰি কয় যে আধ্যাত্মিক চিন্তাৰে পৰিপুষ্ট মনে সদায় সমাজৰ উপকাৰ সাধন কৰে । পৰম্পৰাগত শিক্ষাৰ লগত আজিৰ দিনত ভাৰতীয় সংস্কৃতিৰ মৌলিক সমলেৰে ভৰপূৰ আধ্যাত্মিক চিন্তা সমূহো উঠি অহা প্ৰজন্মৰ বাবে দৰকাৰী বুলি মন্তব্য প্ৰকাশ কৰে শৰ্মাই ৷

লগতে পঢ়ক: অসমত গ্ৰেপ্তাৰ হোৱা PFI সদস্যক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.