মুকলি আকাশৰ তললৈ লৈ অনা ব্যক্তি জনেই আজি বিৰোধী অখিলৰ

author img

By

Published : Sep 20, 2021, 8:00 PM IST

Krishna Gogoi the man behind akhil gogois freedom is against him now

অখিল, ধৈৰ্য্যৰ আইনী যুঁজৰ অধিবক্তা কৃষ্ণ গগৈ এতিয়া ৰাজনৈতিক প্ৰতিদ্বন্দী ৷ ১০ বছৰে অখিল গগৈৰ হৈ আইনী যুঁজ দিছিল কৃষ্ণ গগৈয়ে ৷ অখিল গগৈ আৰু ধৈৰ্য্য কোঁৱৰক কাৰাগৰৰ পৰা মুকলি আকাশৰ তললৈ অনা ব্যক্তি জনেই আজি প্ৰতিদ্বন্দী ৷

মৰাণ, 20 ছেপ্টেম্বৰ : উপ নিবাৰ্চন হ'ব লগা ছটা সমষ্টিৰ ভিতৰত থাওৰা সমষ্টিত ৰাজনৈতিক দল সমূহৰ তৎপৰতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । কংগ্ৰেছ দলৰ বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰা সুশান্ত বৰগোহাঁইয়ে বিজেপি দলৰ প্ৰাৰ্থীত্ব পোৱাৰ পাছতে ৰাজনৈতিক সমীকৰণ সলনি হৈছে থাওৰাত । সুশান্ত বৰগোহাঁইক লৈ সমষ্টিৰ ৰাইজৰ মাজত থকা ক্ষোভৰ সুযোগ ল'বলৈ বিচাৰিছে অখিল গগৈৰ ৰাইজৰ দলৰ লগতে আন দল সমূহে ।

ইয়াৰ মাজতেই ভাৰতীয় কমিউনিষ্ট পাৰ্টি চি পি আই দলে থাওৰা উপ-নিৰ্বাচনৰ বাবে ঘোষণা কৰা প্ৰাৰ্থীক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে । কিয়নো ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈক ভাৰতীয় কমিউনিষ্ট পাৰ্টি চি পি আই দলৰ হৈ প্ৰাৰ্থীত্ব দিয়া বুলি ঘোষণা কৰিছে । এই গৰাকী কৃষ্ণ গগৈ আছিল অখিল গগৈ আৰু ধৈৰ্য্য কোঁৱৰৰ অধিবক্তা ।

মুকলি আকাশৰ তললৈ লৈ অনা ব্যক্তি জনেই আজি বিৰোধী অখিলৰ

অখিল গগৈ আৰু ধৈৰ্য্য কোঁৱৰক কাৰাগৰৰ পৰা মুকলি আকাশৰ তললৈ অনা ব্যক্তি জনেই আজি ধৈৰ্য্য কোঁৱৰৰ প্ৰতিদ্বন্দী হোৱাৰ বিষয়টোৱেও যথেষ্ট তাৎপৰ্য বহন কৰিছে । অখিল গগৈ আৰু ধৈৰ্য্য কোঁৱৰক শুভেচ্ছা জনাই কৃষ্ণ গগৈয়ে কয়, তেওঁলোকৰ সৈতে মোৰ বন্ধুত্বমূলক সম্পৰ্ক থাকিলেও মই চিপি আই দলৰ সদস্য হিচাপে দলীয় নিৰ্দেশ পালন কৰিবই লাগিব ।

krishna-gogoi-the-man-behind-akhil-gogois-freedom-is-against-him-now
অধিবক্তা কৃষ্ণ গগৈ

১০ বছৰে অখিল গগৈৰ হৈ আইনী যুঁজ দিয়া কৃষ্ণ গগৈ এতিয়া ৰাজনৈতিক প্ৰতিদ্বন্দী হৈ পৰা বিষয়টোৱে থাওৰা সমষ্টিৰ ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে । থাওৰাৰ নিৰ্বাচনৰ পাছত অখিল গগৈৰ হৈ আইনী যুঁজ দিবলৈ কৃষ্ণ গগৈৰ বাবে সম্ভৱ হ'ব নে নহয়, তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন আৰু কৌতুহলৰো সৃষ্টি হৈছে এতিয়া । সুশান্ত বৰগোহাঁই, থাওৰাৰ স্থানীয় যুৱক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈক লৈ থাওৰাৰ ৰাইজে আশা কৰাৰ দৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ধৈৰ্য্য কোঁৱৰক লৈও থাওৰাৰ ৰাইজ আশাবাদী । কিন্তু ভোট যুদ্ধত কোন জয়ী হ'ব পাৰে সেইয়া সময়তহে পৰিলক্ষিত হ'ব ।

লগতে পঢ়ক : ৫২ লাখ‌ টকা দৰমহাৰ বিষয়াই সমাধান কৰিব গুৱাহাটীৰ খোৱা পানীৰ সমস্যা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.