Iconic Assam Award: প্ৰতিভা সম্পন্ন উন্মনা কোঁৱৰক ডনবস্ক' স্কুল ভেন এছ'চিয়েশ্যনৰ অভিনন্দন

author img

By

Published : Jan 21, 2023, 11:34 AM IST

Amguri Donbosco School Van Association

আমগুৰিৰ প্ৰতিভা সম্পন্ন উন্মনা কোঁৱৰক অভিনন্দন জ্ঞাপন আমগুৰি ডনবস্ক' স্কুল ভেন এছ'চিয়েশ্যনৰ । Iconic Assam Award 2023 বঁটা লাভ কৰা বাবে সংস্থাটোৱে শিশুটিক অভিনন্দন জ্ঞাপন কৰে । উন্মনাই ইতিমধ্য়ে অসমৰ বিভিন্ন বিহু মঞ্চত প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিছে ।

শিৱসাগৰত উন্মনা কোঁৱৰক অভিনন্দন জ্ঞাপন

আমগুৰি, ২১ জানুৱাৰী: শিৱসাগৰ জিলাৰ আমগুৰিৰ প্ৰতিভা সম্পন্ন শিশু উন্মনা কোঁৱৰক আমগুৰি ডনবস্ক' স্কুল ভেন এছ'চিয়েশ্যনে বিশেষ অভিনন্দন জ্ঞাপন কৰিছে (Amguri Don Bosco School Van Association)। জিলাখনৰ আমগুৰি ডনবস্ক' স্কুল ভেন এছ'চিয়েশ্যনে স্থানীয় আমগুৰি চাংমাই গাঁৱৰ উদীয়মান শিশু শিল্পী উন্মনা কোঁৱৰক শুকুৰবাৰে ফুলাম গামোচা আৰু এখনি অভিনন্দন পত্ৰেৰে ৰাজহুৱাভাৱে অভিনন্দন জ্ঞাপন কৰে (Felicitation of Amguri Don Bosco School Van Association)। আমগুৰি চাংমাই গাঁৱৰ নিবাসী মনোজ কোঁৱৰ আৰু জুপিতৰা কোঁৱৰৰ কন্যা উন্মনা কোঁৱৰে Iconic Assam Award 2023 বঁটা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । শিশুটিৰ এই সাফল্য়ৰ বাবে এছ'চিয়েশ্যনে তেওঁক ৰাজহুৱাভাৱে অভিনন্দন জ্ঞাপন কৰে ।

উল্লেখ্য যে আমগুৰি ডনবস্ক' স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী উন্মনাই অসমৰ বিভিন্ন বিহু মঞ্চত সাফল্য় অৰ্জন কৰিছে (Student of Amguri Don Bosco School felicitated)। উন্মনাই কেইবাখনো প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । তেওঁ সমান্তৰাল ভাৱে মডেলিঙৰ ক্ষেত্ৰতো জিলিকি উঠিবলৈ সক্ষম হৈছে । ইপিনে, আমগুৰি ডনবস্ক' ভেন এছ'চিয়েশ্যনে আছাম বুক অৱ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা আমগুৰিৰ এঞ্জেল প্ৰিয়া শ‌ইকীয়াকো ৰাজহুৱা ভাৱে অভিনন্দন জ্ঞাপন কৰিছে (India Book of Records)। উন্মনা কোঁৱৰক এইদৰে ৰাজহুৱাভাৱে অভিনন্দন জ্ঞাপন কৰি উৎসাহিত কৰা বাবে শিশুটিৰ মাতৃ জুপিতৰা কোঁৱৰে সংস্থটোক ধন্য়বাদ জ্ঞাপন কৰে । এই অভিনন্দনে উন্মনাক ভৱিষ্য়তে আগুৱাই যোৱাত সহায় কৰিব বুলি তেওঁ কয় ।

আমগুৰি আৰু কাষৰীয়া অঞ্চলৰ শিক্ষিত, স্বাৱলম্বী হোৱা তথা সেৱাৰ মানসিকতাৰ লক্ষ্যৰে গঢ় লৈ উঠা আমগুৰি ডনবস্ক' এছ'চিয়েশ্যনে বৰ্তমান আমগুৰিৰ লগতে কাষৰীয়া অঞ্চলত বিভিন্ন সামাজিক কাৰ্য সম্পন্ন কৰিছে । গাড়ী চলাই নিজৰ পৰিয়াল পোহপাল দিয়াতেই ক্ষান্ত নাথাকি সমাজ জীৱনৰ বিভিন্ন কৰ্মৰাজীৰে সংস্থাটোৱে ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । সংস্থাটোৱে প্ৰতি বছৰে দুজনকৈ কেঞ্চাৰ আদি জটিল ৰোগত আক্ৰান্ত ৰোগীলৈ আৰ্থিক সাহায্য আগবঢ়াই আহিছে । তদুপৰি পাঁচজন দুৰ্ঘটনাত পতিত ব্যক্তিক চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিছে । এই কাৰ্যৰ উপৰি সংস্থটোৱে বানাক্ৰান্ত লোকলৈ সাহায্য দান, বিনামূলীয়া চিকিৎসা শিবিৰ আদি অনুষ্ঠিত কৰাৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠানলৈ সাহায্য আগবঢ়াই আহিছে ।

লগতে পঢ়ক:Emergency aircraft landing project: মৰাণত ৰাজ্যৰ প্ৰথমটো জৰুৰীকালীন বিমান অৱতৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.