ৰাইজৰ দলক ভোট নিদিবলৈ থাওৰাবাসীক আহ্বান জনালে অখিল গগৈৰ একালৰ সতীৰ্থই

author img

By

Published : Sep 18, 2021, 10:43 PM IST

Ex Leader of KMSS press meet against Akhil Gogoi

ৰাইজৰ দলক ভোট নিদিবলৈ এইবাৰ থাওৰাবাসীক আহ্বান জনালে প্ৰাক্তন কৃষক মুক্তিৰ নেতাই ৷ সংবাদ মেল যোগে অখিল গগৈৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰে গগৈৰ দুই প্ৰাক্তন সতীৰ্থই ৷

মৰাণ, 18 ছেপ্টেম্বৰ : আগন্তুক উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে থাওৰাত বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰি শেহতীয়াকৈ ধৈৰ্য্য কোঁৱৰক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিচতে সৰৱ হৈ পৰিছে থাওৰাৰ দুগৰাকী প্ৰাক্তন কৃষক নেতা । ২০১৩ চনত কৃষক মুক্তিত যোগদান কৰি ৪ বছৰে সংগঠনটোৰ বাবে ত্যাগ স্বীকাৰ কৰা বকতা মৌজাৰ ধৰ্মেন্দ্ৰ বৰা আৰু অনুপম বৰুৱাই কৰিলে অখিল গগৈৰ বিৰুদ্ধে মুকলি বিষ্ফোৰণ ।

ডিমৌ প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত প্ৰাক্তন কৃষক মুক্তিৰ নেতা দুজনে অখিল গগৈক আন্দোলনৰ নামত বুজা-বুজি কৰা আৰু মাটিৰ পট্টা দিয়াৰ নামত ধন সংগ্ৰহ কৰা নেতা বুলি অভিহিত কৰে । অখিলৰ নেতৃত্বত আন্দোলন কৰি প্ৰাক্তন কৃষক নেতা ধৰ্মেন্দ্ৰ বৰাৰ বিৰুদ্ধে ২৮ টা গোচৰ আৰু অনুপম বৰুৱাৰ বিৰুদ্ধে ১৬ টা গোচৰ ৰজু হৈ থকাৰ কথা উল্লেখ কৰি অখিল গগৈয়ে গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত ফুটা-কড়ি এটাও নিদিলে বুলি অভিযোগ কৰে ।

ৰাইজৰ দলক ভোট নিদিবলৈ থাওৰাবাসীক আহ্বান জনালে অখিল গগৈৰ একালৰ সতীৰ্থই

অখিল গগৈৰ ঘৰত কেইবাদিনো বোন্দাপৰ দি থকাৰ পিছতো অখিলে একো সহায় নকৰিলে বুলি মন্তব্য কৰে তেওঁলোকে ।

থাওৰা সমষ্টিত মাটিৰ পট্টা কৰি দিম বুলি ১৫০ টকাকৈ সংগ্ৰহ কৰা, শিৱসাগৰ জিলাত জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে আন্দোলনৰ পিচত শকত ধনৰ বুজাবুজি কৰা , সোণাৰীত অবৈধ শিলৰ মিলৰ মালিকৰ সৈতে বুজাবুজি, সোণাৰিত চৰকাৰী মাটি আন্দোলনৰ পিচত নিজৰ নামলৈ অনা, পাইপ লাইনৰ ঠিকাদাৰৰ সৈতে লেনদেন কৰা আদি বহুতো অভিযোগ উত্থাপন কৰে অখিল গগৈৰ বিৰুদ্ধে ।

থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰৰ বিৰুদ্ধে এটাও শব্দ নকৈ ২০১৫ চনতে কৃষক মুক্তিৰ পৰা অব্যাহতি লোৱা থাওৰা সমষ্টিৰ বকতা মৌজাৰ ধৰ্মেন্দ্ৰ বৰা আৰু অনুপম বৰুৱাই ৰাইজৰ দলক ভোট নিদিবলৈ থাওৰাবাসীলৈ আহ্বান জনালে । কোন সঁচা কোন মিছা সেইয়া ৰাইজে আৰু সময়ে বিচাৰ কৰিব ৷ কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত এই সংবাদমেলে থাওৰাৰ ৰাজনীতি যে বেচ কিছুদিন গৰম কৰি ৰাখিব তাক লৈ কোনো সন্দেহ নাই ।

লগতে পঢ়ক : বড়োভূমিত এনকাউন্টাৰ:কেনেকৈ সংঘটিত হৈছিল সেই এনকাউন্টাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.