চৰকাৰী কাৰ্যালয়ত ব্যতিক্ৰমী পৰিৱেশ: শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দিহা নাম

author img

By

Published : Sep 24, 2022, 9:34 PM IST

Diha Nam held at Circle office of Sivasagar

হৰি নামেৰে মুখৰিত হ’ল শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয় (Diha Nam held at Circle office of Sivasagar) ৷ চৰকাৰী নীতি-নিৰ্দেশনাসমূহক হৰি নামৰ মাজেৰে ৰাইজৰ মাজত প্ৰচাৰ তথা প্ৰসাৰ কৰাৰ উদ্দেশ্যে শনিবাৰে শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আয়োজন কৰা হয় দিহা নামভাগ ৷

শিৱসাগৰ, 24 ছেপ্টেম্বৰ : সদা ব্যস্ত চৰকাৰী কাৰ্যালয়ৰ এক ব্যতিক্ৰমী পৰিৱেশ ৷ যি পৰিৱেশে এতিয়া সকলোৰে মন মন্ত্ৰমোগ্ধ কৰিবলৈ সক্ষম হৈছে ৷ সদা ব্যস্ত থকা এই চৰকাৰী কাৰ্যালয়টো হৈছে শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ য’ত শনিবাৰে এক ব্যতিক্ৰমী পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

যি সময়ত ৰাজ্যৰ ৰাজহ চক্ৰ কাৰ্যালয়সমূহক চৰকাৰে দুৰ্নীতিমুক্ত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ ঠিক তেনে সময়তে হৰি নামৰ মাধ্যমেৰে চৰকাৰৰ নীতি-নিৰ্দেশনাসমূহক জনসাধাৰণৰ মাজলৈ লৈ যোৱা তথা জনতাৰ মাজত প্ৰচাৰৰ উদ্দেশ্যে ব্যতিক্ৰমী পন্থা অৱলম্বন কৰিছে শিৱসাগৰ ৰাজহ চক্ৰ কাৰ্যালয়ে (Diha Nam held at Circle office of Sivasagar) ।

শিৱসাগৰ চক্ৰ বিষয়া কাৰ্যালয়ত দিহা নাম পৰিৱেশন

চক্ৰ বিষয়া কৃষ্ণ কমল গোস্বামীৰ আহ্বান মৰ্মে, শনিবাৰে লোকশিল্পী কমলা গগৈয়ে দিহানাম পৰিৱেশন কৰে(Diha Nam held in Sivasagar) ৷ লগতে এই দিহা নামত অংশ লয় শান্তনু বুঢ়াগোহাঁইয়ে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত চক্ৰ বিষয়া জীৱন কৃষ্ণ গোস্বামীয়ে কয় যে, হৰি নামে মানুহৰ মাজত থকা অসূয়া-অপ্ৰীতি দূৰ কৰে ৷

সেয়ে চৰকাৰী নীতি-নিৰ্দেশনাসমূহক হৰি নামৰ মাজেৰে প্ৰচাৰ কৰিবৰ বাবে প্ৰয়াস কৰিব বুলিও মন্তব্য কৰে চক্ৰ বিষয়া গোস্বামীয়ে ৷

লগতে পঢ়ক : কাইলৈ মহালয়া: দাক্ষায়ণীক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.