আনৰ দোকানত কাম কৰি জীৱন সংগ্ৰামত ব্যস্ত এগৰাকী দুঃসাহসিক খেলুৱৈ

author img

By

Published : Sep 22, 2021, 5:32 PM IST

Updated : Sep 22, 2021, 7:52 PM IST

life struggle of Cyclist Anil Mahantas

এগৰাকী দুঃসাহসিক চাইক্লিষ্ট তথা ক্ৰীড়া সংগঠক ৷ চাইকেল চলাই ইতিহাস সৃষ্টিৰ লগতে অৰ্জন কৰিছিল কৃতিত্ব ৷ পিছে আজি পৰ্যন্ত লাভ নকৰিলে চৰকাৰী কোনো সা-সুবিধা ৷ এতিয়া এই গৰাকী চাইক্লিষ্টে আনৰ দোকানত কাম কৰি পোহপাল দিছে পৰিয়াল ৷

নাজিৰা,22 ছেপ্তেম্বৰ : অসম চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই ৰাজ্যৰ এগৰাকী ক্ৰীড়া সংগঠক ৷ ক্ৰীড়া সংগঠকৰ ওপৰিও তেখেত এগৰাকী চাইক্লিষ্টো । এসময়ত এইগৰাকী চাইক্লিষ্টে কেইবা ঘন্টাজোৰা চাইকেল চলাই ইতিহাস সৃষ্টি কৰাৰ লগতে অৰ্জন কৰিছিল কৃতিত্ব ৷ ১৯৯০ চনৰে পৰা ক্ৰীড়া জগতৰ সৈতে জড়িত এইগৰাকী চাইক্লিষ্টৰ নাম অনিল মহন্ত ৷

আনৰ দোকানত কাম কৰি জীৱন সংগ্ৰামত ব্যস্ত এগৰাকী দুঃসাহসিক খেলুৱৈ

চৰাইদেউ জিলাৰ টেঙাপুখুৰীৰ নিবাসী অনিল মহন্তই হাইস্কুল পৰ্যায়ৰ পৰাই জড়িত হৈ পৰিছিল দুঃসাহসিক ক্ৰীড়াৰ সৈতে । পোন প্ৰথমেই অনিল মহন্তই শদিয়াৰ পৰা ধুবুৰীলৈ শান্তি সম্প্ৰীতিৰ বাবে দৌৰি প্ৰথম গৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছিল । এইগৰাকী দুঃসাহসিক চাইক্লিষ্টে অসমৰ উপৰিও দেশৰ ক্ৰীড়া প্ৰেমীৰ বাবে হৈ পৰিছিল পৰিচিত ।

এই গৰাকী ব্যক্তিৰ নেতৃত্বত চাইক্লিষ্টৰ প্ৰশিক্ষণ তথা প্ৰসাৰৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠানৰ সহযোগত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদানৰ লগতে প্ৰশিক্ষাৰ্থী সকলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈকো সক্ষম হৈছিল ।

লগতে পঢ়ক: থানালৈ আহি অসুস্থ হৈ পৰিল তৃণমূল কংগ্ৰেছৰ নেতা কুনাল ঘোষ

নাজিৰাৰ ঐতিহাসিক বৰবৰুৱা পুখুৰীৰ পাৰত ৪৮ ঘণ্টা ৪২ মিনিট ৪০ ছেকেণ্ড সামৰি মুঠ ১,০৯৩টা লেপ সম্পূৰ্ণ কৰিছিল মহন্তই । অনিল মহন্তৰ মূল লক্ষ্য আছিল বিশ্ব জয় কৰা । ইয়াৰ বাবে তেওঁ ৬,৭৭,৬৬০ কিলোমিটাৰ অবিৰতভাৱে চাইকেল চলাইছিল । ভূটান আৰু নেপালক সামৰি গুৱাহাটীৰ পৰা শ্ৰীনগৰলৈ চলাইছিল চাইকেল ।

ইয়াৰোপৰি ফেডাৰেচন কাপ চাইক্লিং প্ৰতিযোগিতাত অসমক ৬ বাৰকৈ নেতৃত্ব দিছিল ৷ ইয়াৰ উপৰিও ১৯৯৬ চনত সদৌ অসম আন্তঃজিলা চাইক্লিং প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰা হোৱাৰ শীৰ্ষ দল শিৱসাগৰৰো প্ৰশিক্ষক আছিল । কিন্তু অনিল মহন্তই আজি পৰ্যন্ত লাভ নকৰিলে ক্ৰীড়া অনুদান কিম্বা ক্ৰীড়া পেঞ্চন ।

২০২০বৰ্ষত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰদীপ দত্ত নামৰ এগৰাকী বিষয়াই চাইক্লিষ্ট অনিল মহন্তৰ পৰা তথ্য পাতি সংগ্ৰহ কৰি নিয়ে যদিও নাপালে ৰজাঘৰীয়া কোনো সঁহাৰি । ২০১৩-১৪ বৰ্ষত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা অনিল মহন্তৰ এতিয়া ক্ষোভ ৰজাঘৰীয়াৰ ওপৰত ৷

লগতে পঢ়ক: SAARC ৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক বাতিল

বাৰম্বাৰ চৰকাৰৰ ওচৰত আৱেদন নিৱেদন কৰিও লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো চৰকাৰী সা-সুবিধা ৷ বৰ্তমান শিমলুগুৰিৰ ডেকা ষ্টৰ নামৰ বাচন বৰ্তন বিক্ৰী কৰা দোকানখনত বিক্ৰেতা হিচাপে কাম কৰি পৰিয়াল পোহপাল দিছে প্ৰতিভাৱান খেলুৱৈজনে ৷ খেলুৱৈজনৰ পত্নীৰো চৰকাৰলৈ বিনম্ৰ অনুৰোধ তেওঁৰ খেলুৱৈ স্বামীক যাতে চৰকাৰে স্বীকৃতি প্ৰদান কৰে ৷

সুদক্ষ খেলুৱৈ দেশৰ গৌৰৱ ৷ কিন্তু খেলৰ লগতে জীৱনৰ বেছিভাগ সময় পাৰ কৰা অনিল মহন্তৰ দৰে খেলুৱৈয়ে যদি স্বীকৃতি লাভ নকৰে তেনেহ’লে চৰকাৰৰ ক্ৰীড়া পেঞ্চনৰ যোগ্যতা পাবৰ বাবে কেনে অৰ্হতা থাকিব লাগিব এগৰাকী খেলুৱৈৰ ৷

লগতে পঢ়ক: খড়্গৰ লগতে দাহ হ’ল ড্ৰোণ;খোদ মুখ্যমন্ত্ৰীয়ে কৰিছিল ড্ৰোণ নিয়ন্ত্ৰণ

Last Updated :Sep 22, 2021, 7:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.