আমগুৰিত অচিন ৰোগত আক্ৰান্ত হৈ শতাধিক পশুধনৰ মৃত্যু

author img

By

Published : Sep 24, 2022, 1:55 PM IST

Cattle dies of unknown disease in Amguri

বিগত কিছুদিন ধৰি অচিন ৰোগত আক্ৰান্ত হৈ শতাধিক পশুধনৰ মৃত্যু হৈছে (Cattle dies of unknown disease)। গৌৰীসাগৰ চিন্তামণিগড় মিটং পাৰৰ গৰুৰ খুটিত সংঘটিত হৈছে এই ঘটনা । যাৰ ফলত গো-পালকৰ মাজত হাহাকাৰ লাগিছে ৷

আমগুৰি, ২৪ ছেপ্টেম্বৰ: শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ গৌৰীসাগৰত গো-পালকৰ মাজত হাহাকাৰ । বিগত কিছুদিন ধৰি অচিন ৰোগত আক্ৰান্ত হৈ শতাধিক পশুধনৰ মৃত্যু হৈছে (Cattle dies of unknown disease)। গৌৰীসাগৰ চিন্তামণিগড় মিটং পাৰৰ গৰুৰ খুটিত সংঘটিত হৈছে এই ঘটনা ।

বিগত কিছুদিন শতাধিক পশুধন অচিন ৰোগত মৃত্যু হোৱাত চিন্তাত পৰিছে গো-পালকসকল । গো-পালন কৰি কোনো মতে পৰিয়াল পোহপাল দিয়া গো-পালকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে অঞ্চলটোৰ গো-পালকৰ কেইবা লক্ষাধিক টকাৰ ক্ষতি সাধন হৈছে ।

আমগুৰিত অচিন ৰোগত আক্ৰান্ত হৈ শতাধিক পশুধনৰ মৃত্যু

ইফালে এইসকলোবোৰৰ মাজত গো-পালকক সহায় কৰিবলৈ পশু চিকিৎসক আগবাঢ়ি নহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । চিন্তামণিগড়ত আছে এখন পশু চিকিৎসালয় ৷ কিন্তু স্থানীয় ঠাইত পশু চিকিৎসালয় থকা স্বত্বেও পশু চিকিৎসকে পশুধনসমূহৰ চিকিৎসাৰ বাবে আগবাঢ়ি নহাৰ অভিযোগ আনিছে গো-পালকসকলে ।

যোৱা দুটা মাহে অঞ্চলটোৰ পশুধনসমূহ অচিন ৰোগত আক্ৰান্ত হৈ প্ৰত্যেক গো-পালকৰ পশুধন তিনিটাৰ পৰা দহটা পৰ্যন্তকৈ গো-ধনৰ মৃত্যু হৈছে (Mysterious disease kills Cattle) ৷ আনহাতে বৰ্তমানলৈকৈ গো-পালকক সহায় কৰিবলৈ উপস্থিত হোৱা নাই কোনো বিভাগীয় লোক ।

লগতে পঢ়ক: জোনাইৰ জেলেমত অচিন ৰোগত আক্ৰান্ত হৈ পশুধনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.