Dr Bhupen Hazarika birth anniversary : শিৱসাগৰত সুধাকণ্ঠক স্মৰণ

author img

By

Published : Sep 8, 2022, 5:05 PM IST

Sivasagar

অসমৰ বিভিন্ন জিলাত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন কৰা হৈছে । শিৱসাগৰত দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ আৰু শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত বিশেষ কাৰ্যসূচী (Bhupen Hazarika birth anniversary)। শিল্পীগৰাকীৰ বহু অনুৰাগীৰ অংশগ্ৰহণ ।

শিৱসাগৰ,৮ ছেপ্টেম্বৰ : আজি সুুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ওপজা দিন (Dr Bhupen Hazarika birth anniversary)। এই বিশেষ দিনটোত ৰাজ্যজুৰি শিল্পীগৰাকীক স্মৰণ কৰা হৈছে । ৰাজ্যৰ বাকী জিলাসমূহৰ লগতে শিৱসাগৰতো সুধাকণ্ঠৰ ওপজা দিন পালন কৰা হৈছে । জিলাখনৰ দৌলমুখ চাৰিআলিত দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সহযোগত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ তলত শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰা হয় (Bhupen Hazarika birthday celebration in Sivasagar)।

শিৱসাগৰত সুধাকণ্ঠক স্মৰণ

পুৱাই ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানত অংশগ্ৰহণ কৰে গঁড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত, জ্যেষ্ঠ সাংবাদিক মনিৰুল ইছলাম বড়া, জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিটু বৰুৱাকে ধৰি বহু অনুৰাগীয়ে । অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি ড° ভূপেন হাজৰিকাৰ জীৱন আৰু সমাজলৈ তেওঁৰ অৱদান সম্পৰ্কে কয় ড° সব্যসাচী মহন্তই ।

উল্লেখ্য যে দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই ১৯৯০ চনৰ পৰাই বছৰি উদযাপন কৰি আহিছে ড° ভূপেন হাজৰিকাৰ জন্মদিন । আনহাতে শিল্পীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি সন্ধিয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শিৱসাগৰৰ যুৱদ’লত অনুষ্ঠিত হ'ব কথা গীতৰ ছন্দ নামৰ এক সাংস্কৃতিক অনুষ্ঠান । য'ত গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী সংগীতা কাকতি, আশা শৰ্মা কাকতি, বিপুল কাথাৰ, কমল কটকী আৰু অডিঅ' চিটি সাংস্কৃতিক গোষ্ঠীয়ে ।

লগতে পঢ়ক :তেজপুৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.