Assam SI exam result : কষ্ট সাৰ্থক হ’ল আমগুৰিৰ বিষ্ণুৰ

author img

By

Published : Sep 18, 2022, 3:39 PM IST

Assam SI exam result

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হ'ল আমগুৰিৰ বিষ্ণু দাস (Amguri e rickshaw driver passed SI exam)। ৰাজনীতি বিজ্ঞানৰ স্নাতক বিষ্ণুৱে পৰিয়াল পোহপাল দিবলৈ প্ৰায় ২ বছৰ ধৰি ই-ৰিক্সা চলায় আছিল । আজি অসম আৰক্ষীত নিযুক্তি লাভ কৰি আনন্দিত বিষ্ণু ।

আমগুৰি, ১৮ চেপ্টেম্বৰ : ৰাজ্যত নিযুক্তি কেলেংকাৰীক লৈ বিভিন্ন বিতৰ্ক চলি থকাৰ মাজতে দেওবাৰে ঘোষণা হ'ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল (Assam Police Recruitment 2022)। ৫,২৬২ টা পদৰ বাবে ঘোষণা কৰা হয় এই ফলাফল । ৰাজ্যৰ ১৫ খন জিলাত ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা । শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল গুৱাহাটীৰ কাহিলিপাৰা চতুৰ্থ এ পি বি এনত ।

ইফালে ফলাফল প্ৰকাশৰ লগে লগে প্ৰতিখন জিলাতে উত্তীৰ্ণ প্ৰাৰ্থীৰ ঘৰত আনন্দৰ বন্যা নিগৰিছে । ইফালে বহু দৰিদ্ৰ পৰিয়ালৰ প্ৰাৰ্থীয়েও পৰীক্ষাত উত্তীৰ্ণ হৈছে । যাৰ বাবে সেই পৰিয়ালবোৰৰ মাজত অধিক আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে ।

তাৰ মাজতে শিৱসাগৰ জিলাৰ আমগুৰিৰ ই-ৰিক্সা চালক বিষ্ণু দাসো পৰীক্ষাত উত্তীৰ্ণ হ'ল (Amguri e rickshaw driver passed SI exam)। ই-ৰিক্সা চালক বিষ্ণু দাসৰ এই সফলতাত আনন্দিত পৰিয়ালটো । আনহাতে বিষ্ণু দালৰ সফলতাত গৌৰৱান্বিত হৈছে অঞ্চলটোৰ ৰাইজ ।

আৰক্ষীৰ পোছাক পিন্ধিব আমগুৰিৰ ই ৰিক্সা চালকে

আমগুৰি নগৰৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা বিষ্ণু দাসে বিগত দুবছৰ ধৰি ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দি আহিছে । পিতৃ প্ৰবীণ দাস আৰু মাতৃ টুটু দাসৰ সৰু পুত্ৰ বিষ্ণু দাস ২০১৮ চনত ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

দৰিদ্ৰ পিতৃ-মাতৃক সকাহ দিবলৈ বিষ্ণু দাসে নিজাকৈ বেংকৰ ঋণ লৈ ই-ৰিক্সা ক্ৰয় কৰিছিল । ই-ৰিক্সাখনকে সাৰথি কৰি বিষ্ণু দাসে পৰিয়াল পোহপাল দি আহিছিল । পুৱা খেলপথাৰত দৌৰৰ অনুশীলন কৰি অধ্যয়নটো মনোনিৱেশ কৰা বিষ্ণু দাসে উপ-পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱাত গাঁওবাসী উৎফুল্লিত হৈ উঠিছে ।

উল্লেখ্য যে অসম আৰক্ষীৰ কেইবাটাও বিভাগৰ বাবে ৫,২৬২ টা পদৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা (Assam police SI exam result)। এই পদৰ বাবে আবেদন কৰিছিল ৭,০৭,৩২৮ গৰাকী প্ৰাৰ্থীয়ে । নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈছে ৫,২০০ গৰাকী প্ৰাৰ্থী । ইয়াৰ ভিতৰত ৪,৪৯৩ জন পুৰুষ আৰু ৭০৭ গৰাকী মহিলা । বৰ্তমানো খালী হৈ আছে ৬২ টা পদ । অহা ২২ ছেপ্টেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক :অসম আৰক্ষীৰ পৰীক্ষাত উজলিল কনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.