আমগুৰিৰ চিন্তামণিগড়ত অনাময় আঁচনি ৰূপায়ণত দুৰ্নীতি

author img

By

Published : Sep 18, 2022, 12:15 PM IST

Allegations of corruption at Amguri

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাচতো ৰাজ্যৰ পৰা নিৰ্মূল হোৱা নাই দুৰ্নীতি (Assam CM zero tolerance in corruption) । এইবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ চিন্তামণিগড়ত ৷

আমগুৰি, ১৮ ছেপ্টেম্বৰ : সৰ্বত্ৰে উন্নয়নৰ ঢাক-ঢোল বজাই থকা চৰকাৰৰ দিনতে সঘনে পোহৰলৈ আহিছে দুৰ্নীতিৰ ন ন তথ্য ৷ অভিযোগ অনুসৰি, এইবাৰ দুৰ্নীতি সংঘটিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ চিন্তামণিগড়ত (Corruption at Amguri) ৷ এই অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ একাংশ ভুক্তভোগী ৰাইজে ৷

অনাময় আঁচনি ৰূপায়ণত দুৰ্নীতি

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ চিন্তামণিগড় খনামুখ গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডত শৌচাগাৰ নিৰ্মাণত সংঘটিত হৈছে এই দুৰ্নীতি (Allegations of corruption at Amguri)৷ পঞ্চায়তটোৰ বহু দৰিদ্ৰ পৰিয়ালৰ অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণৰ নামত ঠিকাদাৰে চলাইছে এই লুণ্ঠনৰাজ ।

লগতে পঢ়ক : মাজুলী কৃষি বিভাগত দুৰ্নীতিৰ অভিযোগ

অঞ্চলটোত চৰকাৰী আঁচনিৰ লুণ্ঠনৰাজ চলাইছে ঠিকাদাৰ বিজয় বৰাই ৷ এই অভিযোগ ভুক্তভোগী লোকৰ ৷ অভিযোগ অনুসৰি, ঠিকাদাৰ বিজয় বৰাৰ অধীনত নিৰ্মাণ কৰা প্ৰতিটো শৌচাগাৰতে ব্যৱহাৰ কৰা হৈছে নিম্নমানৰ সা-সামগ্ৰী ৷

লগতে আন কিছুমান শৌচাগাৰ অৰ্ধনিৰ্মিত অৱস্থাতে পেলাই থৈছে ৷ সেয়ে এই ক্ষেত্ৰত উচিত তদন্ত কৰি বিভাগীয় কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক : Allegations of corruption in Sonitpur : পঞ্চায়তৰ কৰ্মকাণ্ডকলৈ ক্ষোভ শোণিতপুৰ বাঁহবাৰীৰ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.