AASU protest : শিৱসাগৰৰ সামগ্ৰিক উন্নয়নৰ দাবীত আছুৰ প্ৰতিবাদ

author img

By

Published : Aug 4, 2022, 3:39 PM IST

AASU protest

শিৱসাগৰ জিলাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী (AASU protest in Sivasagar)। চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ অভিযোগ সংগঠনটোৰ । চৰকাৰলৈ বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ ।

শিৱসাগৰ,৪ আগষ্ট : কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ (AASU protest against govt)। চৰকাৰে শিৱসাগৰ জিলাক বিভিন্ন ধৰণে প্ৰতাৰণা কৰাৰ অভিযোগত প্ৰতিবাদ সংগঠনটোৰ । শিৱসাগৰ জিলাখনক লৈ চৰকাৰে বিভিন্ন ঘোষণা কৰি আহিছে যদিও প্ৰতিশ্ৰুতিসমূহ ৰক্ষা নকৰাৰ অভিযোগ আছুৰ ।

শিৱসাগৰৰ সামগ্ৰিক উন্নয়নৰ দাবীত আছুৰ প্ৰতিবাদ

বৃহস্পতিবাৰে সদৌ অসম ছাত্র সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে (AASU protest in Sivasagar)। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ঐতিহাসিক শিৱসাগৰ নগৰক উপযুক্ত গুৰুত্ব প্ৰদান কৰি এক পৰ্যটন নগৰীৰূপে গঢ়ি তোলাত ব্যৰ্থ হোৱা বুলি সমালোচনা কৰি নগৰখনৰ উন্নয়নৰ অৰ্থে বহুকেইটা দাবী উত্থাপন কৰে আছুৱে । শিৱসাগৰ নগৰক "আইক'নিক চাইট"ৰূপে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰি থৈছে যদিও এতিয়ালৈ এই প্ৰকল্পৰ কাম আৰম্ভ হোৱা নাই বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী আছু কৰ্মীসকলে ।

আনহাতে নিৰ্দিষ্ট সময়সূচী অনুসৰি এই প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ দাবী জনায় আছুৱে । একেদৰে শিৱসাগৰত এখন অভিযান্ত্ৰিক মহাবিদ্যালয়, আইন মহাবিদ্যালয়ৰ লগতে উচ্চ শিক্ষাৰ আন আন প্ৰতিষ্ঠান স্থাপনৰ দাবী উত্থাপন কৰে শিৱসাগৰ জিলা ছাত্র সন্থাই ।

ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয় পূৰ্ণাঙ্গ ৰূপত গঢ়ি তোলাৰ লগতে ৰাজীৱ গান্ধী পেট্ৰ'লিয়াম প্ৰতিষ্ঠানখন এনাৰ্জী চেণ্টাৰৰ সলনি পূৰ্ণাংগ শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰো দাবী জনায় আছুৰ প্ৰতিবাদকাৰীসকলে । শিৱসাগৰৰ ঐতিহাসিক স্থানসমূহ বেদখল মুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে শিৱসাগৰ জিলাৰ বান-গৰাখহনীয়া সমস্যা সমাধানৰ দাবীও উত্থাপন কৰে আছুৰ কৰ্মীসকলে । আনহাতে আটাইবোৰ দাবী উল্লেখ কৰি চৰকাৰলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে শিৱসাগৰ জিলা ছাত্র সন্থাই ।

লগতে পঢ়ক :ATASU protest in Jorhat: আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আটাছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.