শিৱসাগৰত পথ দুৰ্ঘটনাত নিহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈৰ

author img

By

Published : Oct 1, 2022, 9:20 PM IST

sivsagar

শুকুৰবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কোঁৱৰপুৰৰ একেটা পৰিয়ালৰে দুই যুৱক নিহত হোৱাত সমগ্ৰ অঞ্চলটোতে বৰ্তমান শোকৰ ছাঁ পৰিছে (2 died in road accident in Sivasagar) ।

শিৱসাগৰ, ১ অক্টোবৰ : আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ । ষষ্ঠীত বোধনেৰে আৰম্ভ হৈছে দুৰ্গা পূজা । কিন্তু এই দুৰ্গোৎসৱৰ আনন্দ-উছাহৰ সময়তে শিৱসাগৰ কোঁৱৰপুৰ কাৰীগাঁৱত এটা পৰিয়াললৈ নামি আহিছে কাল অমানিশা (Road accident in Shivsagar) ।

শুকুৰবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কোঁৱৰপুৰৰ একেটা পৰিয়ালৰে দুই যুৱক নিহত হোৱাত সমগ্ৰ অঞ্চলটোতে বৰ্তমান শোকৰ ছাঁ পৰিছে (2 died in road accident in Shivsagar) । স্কুটী চলাই গৈ থাকোঁতে এজোপা গছত খুন্দা মৰাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ কাৰাটে খেলুৱৈ শিৰোমণি কোঁৱৰ (২৪) আৰু তেওঁৰ খুড়াকৰ পুত্ৰ অজয় কোঁৱৰ নিহত হয় (Karate player died in Shivsagar) ।

উক্ত দুৰ্ঘটনাটোত প্ৰদ্যুম্ন বৈৰাগী নামৰ এজন যুৱকো গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই তিনিওজনকে চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসা প্ৰদানৰ পূৰ্বেই কাৰাটে খেলুৱৈ তথা প্ৰশিক্ষক শিৰোমণি কোঁৱৰ আৰু তেওঁৰ ভাতৃ অজয় কোঁৱৰৰ মৃত্যু হয় । উল্লেখযোগ্য যে নিহত শিৰোমণি কোঁৱৰ প্ৰতিভাৱান ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈ তথা প্ৰশিক্ষক ।

শিৱসাগৰত পথ দুৰ্ঘটনাত নিহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈৰ

শেহতীয়াকৈ অসম যুৱ অলিম্পিকতো তেওঁৰ নেতৃত্বত যোৱা এটা দলে পদক লাভ কৰি সুনাম কঢ়িয়াই আনিছিল । শিৰোমণি কোঁৱৰ আৰু অজয় কোঁৱৰৰ মৃত্যুত সদৌ অসম কাৰাটে সন্থা (Assam Karate Association), শিৱসাগৰ জিলা কাৰাটে সন্থাসহ স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :National Games 2022 : গুজৰাটৰ ৰাষ্ট্ৰীয় গেমছত সোণৰ পদক অৰ্জন অম্লান বৰগোহাঁ‌ইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.