ETV Bharat / state

আজি বিষ্ণু ৰাভা দিৱস, জানো আহক এইগৰাকী মহান ব্যক্তিৰ জীৱনৰ ইটো-সিটো - Rabha Divas 2024

অসমীয়া সাংস্কৃতিক জগত তথা স্বাধীনতা সংগ্ৰামত নিজৰ অগ্ৰণী ভূমিকা পালন কৰা বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই ২০ জুন তাৰিখে বিষ্ণু ৰাভা দিৱস পালন কৰা হয় । জানো আহক তেওঁৰ বিষয়ে জনা-নজনা কিছু কথা...

Rabha Divas 2024
বিষ্ণু ৰাভা দিৱস 2024 (Etv Bharat)

Published : June 20, 2023 at 8:01 AM IST

|

Updated : June 20, 2024 at 10:28 AM IST

2 Min Read
Choose ETV Bharat

‘‘ব’ল ব’ল ব’ল

কৃষক শক্তি দল

অ বনুৱা সমনীয়া

আগবাঢ়ি যাও ব’ল’’

নিজৰ কালজয়ী গীতেৰে স্বাধীনতা সংগ্ৰামত সকলোকে সাহস দিছিল তেওঁ, গীত, নৃত্য তথা অভিনয়েৰে সাংস্কৃতিক জগতখনক এক নতুন দিশ প্ৰদান কৰিছিল তেওঁ ৷ অসমীয়া জাতীয় জীৱনলৈ বহু অৰিহণা আগবঢ়াই থৈ যোৱা সেই মহান ব্যক্তিগৰাকীৰ স্মৃতিৰাজিক সুঁৱৰি আজিৰ দিনটোতে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয় ৷

অসমীয়া জাতীয় জীৱনলৈ বহু অৰিহণা আগবঢ়াই থৈ যোৱা বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই ২০ জুন তাৰিখে বিষ্ণু ৰাভা দিৱস পালন কৰা হয় । ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২.২৫ বজাত তেজপুৰত এইগৰাকী মহান ব্যক্তিয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল । অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এইগৰাকী ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা 'নটৰাজ' নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' সন্মানেৰে সন্মানিত কৰে ৷

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু । বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল । তেখেতে লিখা গীতসমূহক ৰাভা সংগীত বুলিও কোৱা হয় । ৰাজনৈতিক জগততো তেওঁ এসময়ত খোজ পেলাইছিল । ১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে কিন্তু এই নিৰ্বাচনত তেওঁ জয়ী হ'ব নোৱাৰিলে । ইয়াৰ পিছত ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে ।

১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ)-ৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয় । বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল, কিন্তু হাইস্কুলীয়া শিক্ষা চলি থকাৰ মাজতে পিতৃৰ বিয়োগ হোৱাত তেওঁ তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লৈছিল আৰু তাতেই পঢ়িবলৈ লয় । বিষ্ণুপ্ৰসাদ ৰাভাই কলেজীয়া শিক্ষা গ্ৰহণ কৰে কলকাতাত । বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল । সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও তেখেতে কাম কৰিছে । তেওঁ বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে ।

লগতে পঢ়ক: ৰূপকোঁৱৰৰ বিশ্ব বিজয়ী ন-জোৱান গীতটিক সংস্কৃতলৈ অনুবাদ

Last Updated : June 20, 2024 at 10:28 AM IST