পৰীমিতা দাসলৈ শ্ৰদ্ধাঞ্জলি নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ

author img

By

Published : Sep 11, 2021, 10:00 AM IST

Tribute to Parimita Das at Nalbari

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰীমিতা দাসলৈ শ্ৰদ্ধাঞ্জলি নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ । শুকুৰবাৰে নলবাৰীৰ শ্বহীদ ভৱনৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ছাত্ৰ সংগঠনটোৱে । যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাত মৃত্যু হৈছিল মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পৰীমিতা দাসৰ ।

নলবাৰী, ১১ ছেপ্টেম্বৰ : নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা পৰীমিতা দাসৰ আত্মাৰ চিৰশান্তি কামনাৰে শুকুৰবাৰে নলবাৰী আঞ্চলিক ছাত্র সন্থাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে । যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পৰীমিতা দাসে । শুকুৰবাৰে নলবাৰীৰ শ্বহীদ ভৱনৰ বাকৰিত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মেধাৱী যুৱতীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে আছুৰ কৰ্মকৰ্তাসকলে ।

Tribute to Parimita Das at Nalbari
পৰীমিতা দাসলৈ শ্ৰদ্ধাঞ্জলি নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ

নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত অংশ লৈ বিভিন্ন দল-সংগঠনৰ কৰ্মকৰ্তায়ো বন্তি প্ৰজ্বলন কৰি পৰীমিতালৈ শ্ৰদ্ধাঞ্জলি জনায় আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে । উক্ত অনুষ্ঠানটোত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, জিলা ছাত্র সন্থাৰ সম্পাদক অক্ষয় ডেকাৰ লগতে নলবাৰী জিলা ছাত্র সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৰ্গ ।

এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ছাত্ৰ সংগঠনটোৰ সদস্যসকলে । ইফালে, নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাক লৈ ৰাজ্যবাসী মৰ্মাহত হৈছে । উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে দিনত মাজুলীৰ আৱৰ্ত ভৱনত প্ৰশাসনিক বিষয়াৰে বৈঠকত মিলিত হৈ এই সন্দৰ্ভত আলোচনা কৰে ।

লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো দুৰ্ঘটনা হোৱা স্থান পৰিদৰ্শন কৰাৰ লগতে আহত সকলৰ স্বাস্থ্য অৱস্থাৰ বুজ লৈছে ।

লগতে পঢ়ক:আৰক্ষীৰ পোচাকত চেকা; আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ বাসগৃহত তালাচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.