Student commits suicide: মুকালমুৱাত দশম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহনন

author img

By

Published : Jul 29, 2022, 2:58 PM IST

student commits suicide in mukalmua in nalbari

এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাক লৈ নলবাৰীত তীব্ৰ চাঞ্চল্য । চিপ লৈ আত্মহনন কৰে দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে(Class X student commits suicide) । প্ৰেমজনিত কাৰণতে ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

নলবাৰী,২৯ জুলাই: ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহননৰ ঘটনা ৷ এইবাৰ নলবাৰীৰ মুকালমুৱাৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে বাচি ল'লে চৰম পন্থা ৷ চিপ লৈ আত্মহত্যা কৰে মুকালমুৱাৰ বনপুৰাৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে(Class X student commits suicide) ৷

কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ ছাত্ৰীগৰাকী আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে এক শোকাকুল পৰিৱেশ ৷ আত্মহত্যা কৰা ছাত্ৰীগৰাকী বনপুৰা গাঁৱৰ মীৰ হুছেইনৰ কন্যা বুলি জানিব পৰা গৈছে ৷ নিজ গৃহত শুকুৰবাৰে পুৱাৰ ভাগত চিপ লৈ আত্মহননৰ পথ বাচি লয় কিশোৰীগৰাকীয়ে ৷

পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ লৈ ছাত্ৰীগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰে ৷ এখন চুইচাইড নোট লিখি আত্মহত্যাৰ পথ বাচি লয় ১৫ বছৰীয়া ছাত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে দৌলাশাল আৰক্ষীয়ে উদ্ধাৰ কৰিছে চুইচাইড নোটখন ৷ চুইচাইড নোট প্ৰত্যক্ষ কৰি প্ৰেমজনিত কাৰণতে ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি দৌলাশাল আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: MLA busy in paddy filed: শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.