নলবাৰীত জিলা পৰিষদৰ সদস্যই সৰকালে ছয় লাখ টকা

author img

By

Published : Sep 19, 2022, 6:44 PM IST

নলবাৰীত জিলা পৰিষদৰ সদস্যই সৰকালে ছয় লাখ টকা

নলবাৰীত চৰকাৰী আচনিৰ ৰূপায়ণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ(Scam in Scheme of public pond in Nalbari)। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিজা গাঁও ডাঙুৱাপাৰাত ভূৱা আচনিৰ নামত জিলা পৰিষদৰ সদস্যই সৰকালে ছয় লক্ষাধিক টকা ।

নলবাৰী, ১৯ছেপ্টেম্বৰ: নলবাৰীত চৰকাৰী আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ জন্ম গাঁও ডাঙুৱাপাৰাত ভুৱা আঁচনিৰ(Fake Scheme in Nalbari) নামত জিলা পৰিষদৰ সদস্যই সৰকালে ছয় লক্ষাধিক টকা । আঁচনিৰ ফলক আঁ‌ৰি গধুৰ কৰিলে মাত্ৰ নিজৰ জেপ ।

নলবাৰীত জিলা পৰিষদৰ সদস্যৰ (Scam in ZPC member of Nalbari) জেপত চৰকাৰী আঁচনিৰ ধন সোমোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । জিলা পৰিষদৰ সদস্য ভাষ্কৰ শৰ্মাই লুণ্ঠন চলোৱাত ক্ষুব্দ হৈছে স্থানীয় ৰাইজ । উত্থাপিত অভিযোগ অনুসৰি ৰাজহুৱা পুখুৰী পোতাৰ নামত আঁচনি (Scam in Scheme of public pond in Danguapara) ধাৰ্য কৰি গোগ্ৰাসে গিলিলে সমুদায় ধন । এই লুণ্ঠন চলাইছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ পঞ্চায়ত ৪০ নং নতুন দেহৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডাঙুৱাপাৰাৰ বৰগাছা চুবুৰীৰ দূৰ্গা মন্দিৰত ।

নলবাৰীত জিলা পৰিষদৰ সদস্যই সৰকালে ছয় লাখ টকা

উল্লেখ্য় যে উক্ত দূৰ্গা মন্দিৰৰ সন্মূখতে আছিল এটা ৰাজহুৱা পুখুৰী । এই পুখুৰীটো পোতাৰ নামত বিগত ২০২০-২১ বৰ্ষত এম জি এনৰেগাৰ অধীনত ধাৰ্য কৰা হৈছিল এখন আঁ‌চনিৰ ধন । জিলা পৰিষদৰ অধীনস্থ এই আঁচনিখনৰ বাবদ ধাৰ্য কৰা হৈছিল ৯ লাখ ৩০ হাজাৰ ৩৪২ টকা । সেই মৰ্মে আঁচনিৰ বিস্তৃত তথ্য বৰ্ণনাৰে লগোৱা হৈছিল এখন ফলক । ফলক ঠিকেই লাগিল, কিন্তু ৰূপায়ণ ন'হল আঁচনিখন ।

নলবাৰীত জিলা পৰিষদৰ সদস্যই সৰকালে ছয় লাখ টকা
নলবাৰীত জিলা পৰিষদৰ সদস্যই সৰকালে ছয় লাখ টকা

উক্ত আঁচনিখন ৰূপায়ণ নোহোৱাত চুবুৰীটোৰ ৰাইজে আৰ্থিক বৰঙণি সংগ্ৰহ কৰিয়েই সম্পন্ন কৰিলে পুখুৰী পোতাৰ কাম । পিছে ৰাইজে পোতা পুখুৰীটোৰ নামতে জিলা পৰিষদৰ সদস্য ভাস্কৰ শৰ্মাই সৰকালে সমুদায় ধন । ৰাইজ তথা দূৰ্গা মন্দিৰ সমিতিক অন্ধকাৰত ৰাখি কোনেও চিনি নোপোৱা নুৰ মহম্মদ নামৰ এজন লোকক নিৰ্মাণ সমিতিৰ সভাপতি আৰু গাঁও পঞ্চায়তৰ সম্পাদক নুৰ জামানক সম্পাদক হিচাপে লৈ ভাষ্কৰ শৰ্মাই অন্য গাঁৱৰ লোকৰ জবকাৰ্ড ব্যৱহাৰ কৰি লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

এচপৰা মাটিও নিদিয়াকৈ ইতিমধ্যে ভাস্কৰ শৰ্মাৰ নেতৃত্বত মোকোলাই নিয়া হৈছে ছয় লক্ষাধিক টকা । এতিয়া বৰগাছা চুবুৰীৰ ৰাইজে উক্ত আঁচনিৰ নামত আত্মসাৎ কৰা সমুদায় ধন জিলা পৰিষদৰ সদস্য ভাস্কৰ শৰ্মাক ওভোতাই দিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:নলবাৰীৰ পলাতক লাট মণ্ডল জাকিৰ হুছেইনৰ পুখুৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.