Mann ki Baat : নলবাৰীত ৰাইজৰ মাজত ৰেডিঅ' বিতৰণ

author img

By

Published : Sep 25, 2022, 6:34 PM IST

Nalbari

নলবাৰীৰ লোহাৰকাঠাত ‘মন কী বাত’ অনুষ্ঠানত গুৱাহাটীৰ সাংসদ কুইন ওজাৰ অংশগ্ৰহণ (Queen Oja attends Mann ki Baat program)। ৰাইজৰ মাজত ৰেডিঅ' আৰু গছপুলি বিতৰণ । অনুষ্ঠানত শতাধিক লোকৰ অংশগ্ৰহণ ।

নলবাৰী, ২৫ ছেপ্টেম্বৰ : নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ (Mann ki Baat) অনুষ্ঠানত দেওবাৰে অংশগ্ৰহণ কৰে গুৱাহাটীৰ সাংসদ কুইন ওজা । অনুষ্ঠানত অঞ্চলটোৰ শতাধিক লোকে অংশগ্ৰহণ কৰে (Queen Oja participate Mann ki Baat program)। নলবাৰীৰ লোহাৰকাঠাত আয়োজিত এই কাৰ্যসূচীত সাংসদগৰাকীয়ে ৰাইজৰ মাজত ৰেডিঅ' আৰু গছপুলি বিতৰণ কৰে ।

বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্যসূচীৰ । অনুষ্ঠানত অংশ লৈ লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভতো মন্তব্য কৰে সাংসদ কুইন ওজাই । তেওঁৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ দ্বাৰা ৰাইজৰ সুবিধা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

নলবাৰীত ৰাইজৰ মাজত ৰেডিঅ' বিতৰণ

আনহাতে মন কী বাত অনুষ্ঠানৰ লগত সংগতি ৰাখি পূৱ বৰক্ষেত্ৰী আলিয়া মাদ্ৰাছাত সাংসদগৰাকীয়ে গছপুলি ৰোপণ কৰে (Guwahati MP attends tree plantation program)। লোহাৰকাঠা পঞ্চায়ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা মন কী বাত অনুষ্ঠানত সাংসদ কুইন ওজাৰ লগতে উপস্থিত থাকে GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি বিজেপিৰ কেইবাজনো বিষয়ৱবীয়া তথা অঞ্চলটোৰ ৰাইজ ।

লগতে পঢ়ক :মৈৰাবাৰী সমবায় সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.