বিল্বেশ্বৰ দেৱালয়ত দূৰ্গা পূজাৰ প্ৰস্ততি তুংগত

author img

By

Published : Sep 21, 2022, 8:43 PM IST

puja preparation at bilbeswar devalaya

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটিমান দিন(Durga Puja 2022 in Assam) । দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে পূজাৰ ব্য়াপক প্ৰস্তুতি । নলবাৰীৰ ঐতিহাসিক শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়তো দুৰ্গোৎসৱৰ প্ৰস্তুতি তুংগত(Durga Puja Preparation at Nalbari) ।

নলবাৰী,২১ চেপ্তেম্বৰ: শাৰদীয় দূৰ্গা পুজালৈ মাজত মাথো কেইটামান দিন বাকী । উজনি নামনিত দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি(Durga Puja 2022 in Assam) । ৰজা নাগক্ষৰ দিনতে স্থাপিত নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়তো চলিছে দূৰ্গা পূজাৰ ব্যাপ প্ৰস্তুতি(Durga Puja Preparation at Nalbari) ৷ দুশৰ পৰা তিনিশ শতিকাৰ ভিতৰত স্থাপিত ঐতিহাসিক দেৱালয়খনত বছৰৰ পিছত বছৰ ধৰি চলি আহিছে নৱৰাত্ৰি পূজা ৷

প্ৰতিপদ তিথিৰ পৰা এইখন শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত বিজয়া দশমীলৈকে দূৰ্গতি নাশিনী দেৱী দূৰ্গাক নটা ৰূপত কৰা হয় পূজা অৰ্চনা ৷ ক’ভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰে কেৱল মাত্ৰ আধ্যাত্মিকতাক গুৰুত্ব দিয়ে অনুষ্টুপীয়াকৈ কৰা হৈছিল দেৱীৰ পূজা অৰ্চনা ৷ পিছে এইবাৰ ক’ভিড পৰিস্থিতি সুস্থ হোৱাত বিশাল ভাৱে আয়োজন কৰা হৈছে দূৰ্গা পূজাৰ ৷

বিল্বেশ্বৰ দেৱালয়ত দূৰ্গা পূজাৰ প্ৰস্ততি তুংগত

ব্যয়বহুল বাজেটৰে অহা ২৬ ছেপ্তেম্বৰৰ পৰা ৫ অক্টোবৰলৈ বিল্বেশ্বৰ দেৱালয়ত চলিব দেৱীৰ আৰধনা ৷ এইবেলি বিল্বেশ্বৰ দেৱালয়ত প্ৰায় দুই লক্ষাধিক ভক্তৰ আগমন হোৱাৰ ইংগিত প্ৰদান কৰিছে কৰ্তৃপক্ষই । হাতীত আগমন আৰু নৌকাত গমন হ'বলগীয়া এইবাৰৰ দেৱী দূৰ্গাক আদৰিবলৈ সাজু হৈছে দেৱালয় কৰ্তৃপক্ষ ৷ সাজু কৰি তোলা হৈছে সকলো দিশ ৷ চলি আছে অস্থায়ী ৰভা-পেণ্ডেলৰ কাম ৷ চাফচিকুণ কৰাৰ লগতে ৰং তুলিকাৰে দেৱালয় আকৰ্ষণীয় কৰাৰ বাবে ভীষণ ব্যস্ততা দেৱালয় কৰ্তৃপক্ষৰ ৷

আনহাতে, ঐতিহাসিক দেৱালয়ত পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো নৱমী পূজাৰ দিনা হ’ব ৰাজহুৱা “ম’হ বলী” ৷ ইয়াৰ উপৰিও প্ৰতিপদ তিথিৰ পৰাই দেৱীৰ চৰণত উচৰ্গা কৰা হ'ব হাঁহ, কোমোৰা, কুহিঁয়াৰ, পঠা ছাগলী, পাৰ চৰাইকে ধৰি আন আন বলী সমূহো ৷

উল্লেখ্য যে বিগত দুটা বছৰে ক’ভিডৰ বাবে ৰাজহুৱা ম’হ বলীৰ পৰা বিৰত থাকি দেৱালয় কৰ্তৃপক্ষই কেৱল মাথো ভক্তৰ মংগলাৰ্থে নৱমী পূজাৰ দিনা মাত্ৰ এটা ম’হ বলী দিছিল ৷ ইতিমধ্যে এইবাৰ এতিয়ালৈ দেৱীৰ চৰণত ভক্তই আগবঢ়াইছে ৬০ টাকৈ ম’হ ৷ অৱশ্যে ইয়াৰে ৪০ টা ম’হ বলীৰ বাবে আৰু বাকী ২০ টা হ’ব দেৱীৰ চৰণত উৎসৰ্গা ৷

লগতে পঢ়ক: জামুগুৰিহাটত ছাত্ৰীসকলক আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.