মুকালমুৱাত কিশোৰীৰ ৰহস্যজনক মৃত্যু, পৰিকল্পিত হত্যাৰ অভিযোগ পৰিয়ালৰ

author img

By

Published : Sep 14, 2022, 4:37 PM IST

Mukalmua

যোৱা ৮ ছেপ্টেম্বৰত ঘৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী ছাত্ৰীৰ মৃতদেহ (Student suicide case at Nalbari)। কিশোৰীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ কৰিছে মাতৃ আৰু পৰিয়ালে । হত্যাকাৰীক ফাঁচীৰ দাবী তীব্ৰ প্ৰতিবাদ পৰিয়াল আৰু স্থানীয় লোকৰ ।

মুকালমুৱা,১৪ ছেপ্টেম্বৰ : এগৰাকী দহ বছৰীয়া কিশোৰীৰ ৰহস্যজনক মৃত্যুৱে জোঁকাৰিছে নলবাৰীৰ মুকালমুৱা (Student mysterious death in Mukalmua)৷ মুকালমুৱাৰ কান্ধবাৰী হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ছোনিয়া পাৰবিনৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ কান্ধবাৰী গাঁৱৰ মৎস্য ব্যৱসায়ী চাধুল্লা আলীৰ দহ বছৰীয়া কন্যা ছোনিয়া পাৰবিনৰ যোৱা ৮ ছেপ্টেম্বৰত দিনৰ ১১ মান বজাত নিজ গৃহত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা ক্ৰমে উত্তেজনাৰ সৃষ্টি হৈ আহিছে অঞ্চলটোত ৷ ছাত্ৰীগৰাকীৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খাইছে চুবুৰীয়া জাকিৰ হুছেইন, মতিউৰ ৰহমানসহ কেইবাজনো লোকৰ ৷

ছাত্ৰীগৰাকীৰ মাতৃ আস্নাফুল বেগমে জানিবলৈ দিয়া মতে মুকালমুৱা চণ্ডি মেধি বালিকা বিদ্যালয়ত শিক্ষকতা কৰা জাকিৰ হুছেইনে সেইদিনা পুৱা ছাত্ৰীগৰাকীক চুৰিকাৰ্যত জড়িত থকাৰ অভিযোগত কোঠাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল ৷ ইমানে নহয় মাতৃৰ অভিযোগ অনুসৰি স্থানীয় মতিউৰ ৰহমানসহ কেইবাজনো লোকক ঘটনা সংক্ৰান্তত অৱগত কৰি জাকিৰ হুছেইনে ঘৰলৈ মাতি আনি পত্নী ৰাচিদা বেগমৰ লগতে ছাত্ৰীগৰাকীৰ ওপৰত চলাইছিল নিৰ্মম অত্যাচাৰ আৰু অকথ্য নিৰ্যাতন ৷ মাতৃয়ে অভিযোগ কৰা মতে জাকিৰ হুছেইনৰ গৃহত তেওঁ উপস্থিত হৈ সমগ্ৰ ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল ৷

মুকালমুৱাত কিশোৰীৰ ৰহস্যজনক মৃত্যু, পৰিকল্পিত হত্যাৰ অভিযোগ পৰিয়ালৰ

মাতৃ আস্নাফুল বেগমে জাকিৰ হুছেইনসহ আক্ৰমণকাৰী দলটোক অনুনয় বিনয় কৰি কন্যাক তেওঁলোকৰ কৱলৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে ৷ তাৰ পিছতেই ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়লৈ বুলি ওলাই যায় ৷ কিন্তু বিদ্যালয়লৈ বুলি ওলাই যোৱা ছাত্ৰীগৰাকীৰ মৃতদেহ হঠাতে তেওঁলোকৰ ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় (Student suicide case at Nalbari)। ছাত্ৰীগৰাকীৰ এনে মৃত্যু সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে ৷

এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিও অভিযোগ কৰে পৰিয়ালে ৷ কিশোৰীগৰাকীক হত্যা কৰি নাটকীয়ভাৱে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে বুলি অভিযোগ কৰে পৰিয়ালে । ঘটনা সংক্ৰান্তত মুকালমুৱা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল ।

কিশোৰীগৰাকীৰ মাতৃ আস্নাফুল বেগমে ঘটনা সংক্ৰান্তত এজাহাৰ দাখিল কৰাৰ পিছত এজাহাৰত নাম উল্লেখিত জাকিৰ হুছেইন, ৰাচিদা বেগম, মতিউৰ ৰহমানসহ আন কেইবাগৰাকী লোকে ইতিমধ্যে আত্মগোপন কৰিছে ৷ ইফালে মাতৃৰ আন এক অভিযোগ ঘটনাত জড়িত থকা অভিযুক্তক ৰক্ষণাবেক্ষণ দিবলৈ কেইবাটাও দালাল চক্ৰ তৎপৰ হৈ পৰিছে ৷ অধিবক্তা, আমছু নেতা, মাতব্বৰ আদি কেইবাটাও দালাল চক্ৰই অভিযুক্তক ৰক্ষণাবেক্ষণ দিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷

ঘটনা প্ৰত্যক্ষ কৰা লোকক দালাল চক্ৰটোৱে ইতিমধ্যে ঘটনাৰ সাক্ষী নিদিবলৈ ধনেৰে মেনেজ কৰিছে ৷ দালাল চক্ৰটোৱে কিশোৰীগৰাকীৰ পৰিয়ালকো ধনৰ প্ৰলোভন দেখুৱাই গোচৰ উঠাই ল'বলৈ হেঁচা প্ৰয়োগ কৰিছে বুলি মাতৃয়ে অভিযোগ কৰে ৷ ইফালে হত্যাকাৰীক ফাঁচীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে কিশোৰীগৰাকীৰ পৰিয়াল আৰু অঞ্চলটোৰ একাংশ লোকে ।

লগতে পঢ়ক:প্ৰেমিকৰ লগত কাজিয়া লাগি বিহপান কৰি আত্মহত্যা কলেজীয়া ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.