Swahid Divas Preparation : নলবাৰীত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ প্ৰস্তুতি তুংগত

author img

By

Published : Dec 6, 2021, 8:50 AM IST

Swahid Divas

সদৌ অসম ছাত্ৰ সন্থা(All Assam Students Union)ৰ কেন্দ্ৰীয় শ্বহীদ দিৱস(Swahid Divas) এইবাৰ পালন কৰা হ’ব নলবাৰীত ৷ নলবাৰীৰ ঐতিহ্যমণ্ডিত বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া শ্বহীদ দিৱস কাৰ্যসূচীৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে ৷

নলবাৰী, 6 ডিচেম্বৰ : ছবছৰীয়া অসম আন্দোলন(The Assam Movement)ৰ 855 জন শ্বহীদৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে(Swahid Khargeswar Talukdar) প্ৰাণ আহুতি দিছিল ১৯৭৯ চনৰ ১০ ডিচেম্বৰত ৷ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদৰ লগতে আন 854 গৰাকী শ্বহীদৰ পৱিত্ৰ স্মৃতিত প্ৰতি বছৰে ১০ ডিচেম্বৰত ৰাজ্যজুৰি পালন কৰি অহা হৈছে শ্বহীদ দিৱস (Swahid Divas)

বিগত বৰ্ষসমূহৰ দৰে এইবছৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্বহীদ দিৱসৰ ৷ স্বাধীন ভাৰতৰ অন্যতম আন্দোলন অসম আন্দোলনৰ শ্বহীদসসকলক সুঁৱৰি পালন কৰা হয় এই শ্বহীদ দিৱস ৷

সদৌ অসম ছাত্ৰ সন্থা(All Assam Students Union)ৰ কেন্দ্ৰীয় শ্বহীদ দিৱস এইবাৰ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত অনুষ্ঠিত হ'ব (Swahid Divas in Nalbari) ৷ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় শ্বহীদ দিৱসৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।

নলবাৰীত অনুষ্ঠিত হ’ব আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

ইতিমধ্যে নলবাৰী চহৰৰ পৰা বালিকৰিয়াৰ বাসুদেৱ দেৱালয়লৈ যোৱা পথৰ দুয়োকাষে শ্বহীদ দিৱসত আমন্ত্ৰিত বিশিষ্ট অতিথি, প্ৰতিখন জিলাৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু ৰাইজক আদৰিবলৈ ভালেকেইখন তোৰণৰ ব্য়ৱস্থা কৰা হৈছে ৷

আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়(Kumar Bhaskar Varma Sanskrit and Ancient Studies University)ৰ উপাচাৰ্য ড৹ দীপক কুমাৰ শৰ্মাই । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্য(Samujjal Bhattacharya) । বিশিষ্ট অতিথি হিচাপে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা(Sankar Jyoti Baruah AASU)ৰ উপৰিও সন্মানীয় অতিথি হিচাপে উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপ্তজ্যোতি গগৈ উপস্থিত থাকিব ।

দেওবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকা উপস্থিত থকা এক সংবাদমেলত অভ্যৰ্থনা সমিতিৰ সম্পাদক ভৱজিৎ বেজবৰুৱাই সদৰী কৰে এই কথা । উল্লেখ্য যে, সংবাদমেলখনত প্ৰচাৰ বিভাগৰ সভাপতি ব্ৰজেন তালুকদাৰ, সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন, সাধাৰণ নৱ কুমাৰ ডেকাৰ উপৰিও অভ্যৰ্থনা সমিতিৰ ভালেকেইজন বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: Assam Accord: অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.