নলবাৰীত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

author img

By

Published : Sep 6, 2021, 1:05 PM IST

Police seized huge amount of liquor at nalbari

আৰক্ষী প্ৰশাসনৰ নিচাজাতীয় অভিযানৰ বিৰুদ্ধে সৰৱ অভিযানৰ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাৰ সৰবৰাহ ৷ অবৈধ সৰবৰাহকাৰীৰ নিতৌ ন ন কৌশলেৰে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰি আহিছে ৷ একেদৰে আৰক্ষী অধিক তৎপৰ হৈ পৰিছে এইসকল লোকক বাধা প্ৰদান কৰাত ৷

নলবাৰী, 6 ছেপ্তেম্বৰ : নলবাৰীৰ গণেশ মন্দিৰ চ’কৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে । নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ঘগ্ৰাপাৰ আৰক্ষী আৰু আবকাৰী বিভাগে যুটীয়াভাৱে অভিযান চলাই অৰুণাচলী সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় । এ আই বিৰ বিষয়া সুভাষ চন্দ্ৰ বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ দলে চলাইছিল এই অভিযান ।

Police seized huge amount of liquor at nalbari
অৰুণাচলী সুৰা জব্দ

উল্লেখ্য যে, নিশা হ’লেই যেন অপৰাধীৰ ৰম্যভূমিত পৰিণত হয় ৰাষ্ট্ৰীয় ঘাইপথ । সেয়েহে শনিবাৰে নিশা নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত চলিল আৰক্ষীৰ বিশেষ অভিযান । আৰক্ষীৰ দলটোৱে নিশা প্ৰায় আঢ়ৈ বজাত জব্দ কৰে অৰুণাচলী সুৰাখিনি ।

Police seized huge amount of liquor at nalbari
অৰুণাচলী সুৰা জব্দ

অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে প্ৰায় ৮০০ কাৰ্টন সুৰা জব্দ কৰে । দলটোৱে সুৰা সৰবৰাহ কৰা JH 09 N 5684 নম্বৰৰ ট্ৰাকখনো জব্দ কৰাৰ লগতে আটক কৰে চালকক । অৰুণাচলী সুৰাখিনি চিলাপথাৰৰ পৰা ঝাৰখণ্ডলৈ নিয়াৰ কথা জানিব পৰা হৈছে ৷ তুঁহৰ বস্তাৰে ঢাকি অনা হৈছিল সুৰাখিনি ।

লগতে পঢ়ক : কাকপথাৰত অৰুণাচলী সুৰাসহ চুলাই বনোৱা পাছ নষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.