Nalbari Municipality Board orders to vacate shops: পদপথত থকা দোকানসমূহ খালী কৰাৰ নিৰ্দেশ নলবাৰী পৌৰসভাৰ

author img

By

Published : Jan 21, 2023, 9:28 AM IST

Nalbari municipality orders to vacate shops on footpaths

নলবাৰীৰ পদপথত থকা দোকানসমূহ অচিৰেই খালী কৰাৰ নিৰ্দেশনা জাৰি কৰে নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰে (Nalbari Municipality Mayor Jayashree Talukdar) ৷

পদপথত থকা দোকানসমূহ খালী কৰাৰ নিৰ্দেশ নলবাৰী পৌৰসভাৰ

নলবাৰী, 21 জানুৱাৰী: "নলবাৰীত দোকানী ব্যৱসায়ী সকলে পদপথ বেদখল কৰি সোমাব নোৱাৰা কৰি থৈছে ৷ আমি বহুবাৰ পৌৰসভাৰ ফালৰ পৰা এইসকল লোকক জাননী জাৰি কৰিছিলো ৷ কিন্তু তেওঁলোকে কোনো কাণসাৰ নিদিলে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশানুসৰি যোৱা এসপ্তাহ ধৰি আমি জিলাসমূহত পথ সুৰক্ষা সপ্তাহ 2023 ৰ কাৰণে সভা অনুষ্ঠিত কৰিছো, তাৰেই অংশ হিচাপে আমি নলবাৰীৰ পদপথসমূহ চাফা কৰাৰ পৰিকল্পনা কৰিছো ৷

ইফালে যদি ইয়াৰ পৰা উঠি যোৱা ব্যৱসায়ীসকলে অন্যস্থানত পুনৰ এনে ঘটনাই কৰে, তেন্তে অনাগত দিনত জৰিমনা বিহা হ’ব ৷ এই ব্যৱস্থা এসপ্তাহ আৰু এমাহৰ বাবে নহয়, এই ব্যৱস্থা স্থায়ী কৰা হ’ব (Municipality orders to vacate shops on footpaths ) ৷ পদপথসমূহ জনসাধাৰণে খোজ কাঢ়িবলৈ নিৰ্মাণ কৰা হৈছে ৷" নলবাৰী চহৰৰ মাজমজিয়াত পদপথৰ ওপৰত থকা অবৈধ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰে (Nalbari Municipality Mayor Jayashree Talukdar) এই মন্তব্য প্ৰকাশ কৰে ৷

শুকুৰবাৰে নলবাৰী চহৰত পদপথত থকা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰী কৰে নলবাৰী পৌৰসভাই (Nalbari Municipality Board )। সততে নলবাৰী চহৰৰ যান জঁটৰ সমস্যাই স্থানীয় লোকসকলক যথেষ্ট বিপদত পেলাইছে ৷ ইফালে তাৰ ওপৰতে চহৰৰ মাজমজিয়াৰ পদপথত কাঠফুলৰ দৰে গঢ়ি উঠা প্ৰতিষ্ঠানসমূহে পঠসমূহ আৰু ঠেক কৰি পেলাইছে ৷ ফলত পথচাৰীসকলে পদপথৰ সলনি ৰাস্তাৰ মাজেৰে খোজ কাঢ়িবলগীয়া অৱস্থা হৈছে ৷

এই সন্দৰ্ভত পূৰ্বৰে পৰা নলবাৰী পৌৰসভাই প্ৰতিষ্ঠানসমূহ উঠাই নিবলৈ বহুবাৰ জাননী জাৰি কৰিছিল যদিও গা লৰা নাছিল প্ৰতিষ্ঠানসমূহৰ ৷ কিন্তু শেহতীয়াকৈ ৰাজ্যজুৰি পালন কৰা পথ সুৰক্ষা সপ্তাহে ৰাজ্যত পথ আৰু পথৰ কাষত সৃষ্টি হোৱা সমস্যাসমূহক লৈ যথেষ্ট গুৰুত্ব আৰোপ কৰিছে ৷ ইয়াৰে অংশ হিচাপে নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ আৰু উপ পৌৰপতি ৰবীন দাসৰ (Deputy Mayor Robin Das)নেতৃত্বত চহৰখনৰ মাজ মজিয়াত এক অভিযান চলায় ৷

এই অভিযানতেই পৌৰপতি জয়শ্ৰী তালুকদাৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক পদপধৰ পৰা স্থায়ীভাৱে উঠাই নিবলৈ নিৰ্দেশনা দিয়ে ৷ পৌৰসভাৰ নিৰ্দেশক অমান্য কৰিলে প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সকলক আইনী প্ৰক্ৰিয়াৰে জে’ল হাজোতলৈ পঠিওৱাৰ হুংকাৰ দিয়ে নলবাৰী পৌৰসভাৰ পৌৰপতি আৰু উপপৌৰপতিয়ে । আইন নমনা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে ছমাহ পৰ্যন্ত কাৰাবাস খাতিবলগীয়া হ’ব পাৰে বুলি সদৰী কৰে ৷ অনাগত সময়ত নলবাৰী পৌৰসভাই ইয়াতকৈও অধিক কঠোৰ পদক্ষেপ লব বুলি জানিবলৈ দিয়ে দুয়ো পৌৰ বিষয়াই ৷

লগতে পঢ়ক: Orange Festival 2023 : শিলবৰীৰ কৌপাটিত প্ৰথমবাৰৰ বাবে আয়োজন ওৰাং মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.