ৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়ামলৈ পৰিণত হ’ব নলবাৰী কলেজ খেলপথাৰ

author img

By

Published : Sep 5, 2021, 10:31 PM IST

nalbari-college-field-to-be-made-a-national-stadium

নলবাৰী কলেজৰ(Nalbari College) খেলপথাৰখনক অচিৰেই গঢ় দিয়া হ’ব ৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়াম(Cricket Stadium) হিচাপে ৷ এই আশ্বাস মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ(Jayanta Malla Baruah) ৷

নলবাৰী, 5 ছেপ্তেম্বৰ : নলবাৰীবাসীৰ বাবে এক সুখবৰ ৷ শীঘ্ৰে ৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়াম(Cricket Stadium) হিচাপে গঢ় দিয়া হ’ব নলবাৰী কলেজৰ(Nalbari College) খেলপথাৰখন ৷ এই সন্দৰ্ভত শনিবাৰে চুক্তি স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই(Jayanta Malla Baruah) ৷

বুজাবুজি চুক্তি স্বাক্ষৰ
বুজাবুজি চুক্তি স্বাক্ষৰ

অসম ক্ৰিকেট এছ’চিয়েশ্বনৰ(Assam Cricket Association) তত্বাৱধানত অত্যাধুনিক ৰূপত গঢ়ি তোলা হ’ব এই খেলপথাৰখন । বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উদ্যোগত নলবাৰী মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু অসম ক্ৰিকেট এছ’চিয়েশ্বনৰ মাজত সম্পন্ন হৈছে দ্বি-পাক্ষিক চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়া ।

ৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়ামৰূপে পৰিগণিত হ’ব নলবাৰী কলেজৰ খেলপথাৰ

লগতে পঢ়ক: শিৱসাগৰত উদযাপন ঐক্য সেনাৰ প্ৰতিষ্ঠা দিৱস

খেলপথাৰখন পৰিদৰ্শন কৰি 8 মাহৰ ভিতৰত ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷ লগতে ৰঞ্জী ট্ৰফীকে ধৰি ৰাজ্যিক-আন্তঃৰাজ্যিক বিভিন্ন পৰ্যায়ৰ ক্ৰিকেট খেল এই খেলপথাৰখনত অনুষ্ঠিত হ’ব বুলি তেওঁ উল্লেখ কৰে ।

নলবাৰী কলেজ খেলপথাৰৰ প্ৰৱেশদ্বাৰ
নলবাৰী কলেজ খেলপথাৰৰ প্ৰৱেশদ্বাৰ

দুয়োপক্ষৰ মাজত সম্পন্ন হোৱা এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে ACA ৰ সম্পাদক দেৱজিৎ শইকীয়া, ACA ৰ সভাপতি ৰমেন দত্ত আৰু ক্ৰীড়া বিষয়াৰ এটি দল ৷ লগতে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ কমল নাৰায়ণ পাটোৱাৰীসহ মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলেও উক্ত অনুষ্ঠানত ভাগ লয় ৷

লগতে পঢ়ক: কৃষি বিভাগৰ ন পদক্ষেপ : বজাৰত মুকলি OP Line AVPU-1391

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.