New Pension office: নলবাৰীত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি মন্ত্ৰী অজন্তা নেওগৰ

author img

By

Published : Aug 1, 2022, 7:52 PM IST

minister ajanta neog open pension services centre in nalbari

সোমবাৰে নলবাৰীত উপস্থিত হয় ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ(Minister Ajanta Neog in Nalbari) । মন্ত্ৰীগৰাকী উপস্থিত হৈ মুকলি কৰিলে পেঞ্চন সেৱা কেন্দ্ৰ । কেন্দ্ৰটো মুকলি কৰি কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

নলবাৰী,১ আগষ্ট: নলবাৰীত অভিভাৱক মন্ত্ৰী অজন্তা নেওগ(Minister Ajanta Neog in Nalbari) । মন্ত্ৰী গৰাকীয়ে সোমবাৰে নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত মুকলি কৰে পেঞ্চন সেৱা কেন্দ্ৰ (Pension seva kendra in Nalbari)। কৃতজ্ঞতা আঁচনিৰ অধীনত পেঞ্চন সেৱা কেন্দ্ৰৰ জৰিয়তে এতিয়াৰে পৰা বিভাগটোৰ অৱসৰী কৰ্মচাৰীয়ে কৃতজ্ঞতা প'ৰ্টেলত দাখিল কৰিব পাৰিব নিজৰ নিজৰ আৱশ্যকীয় নথিসমূহ । নথি দাখিলৰ এবছৰৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ'ব পেঞ্চন (Pension seva kendra in Assam)।

মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটো মুকলি কৰি প্ৰকাশ কৰিলে আন কিছু মন্তব্য । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে নলবাৰীত বিগত পাঁ‌চ বছৰ ধৰি অসম্পূৰ্ণ হৈ থকা দুখনকৈ সেঁতুৰ নিৰ্মাণকাৰ্য অচিৰেই সম্পূৰ্ণ হ'ব বুলিও মন্তব্য কৰে । সমগ্ৰ বিষয়টো তদাৰক কৰি থকা হৈছে বুলি জনাই নেওগে ।

নলবাৰীত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি মন্ত্ৰী অজন্তা নেওগৰ

ইফালে একলাখ নিবনুৱাৰ নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে অতি শীঘ্ৰে সম্পন্ন কৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য অভিভাৱক মন্ত্ৰী গৰাকীৰ । ইয়াৰ বাবে প্ৰক্ৰিয়া চলি আছে বুলি জনাই মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, বিত্ত মন্ত্ৰী গৰাকীয়ে সোমবাৰে বিভিন্ন চৰকাৰী কাৰ্যসূচী লৈ উপস্থিত হয় নলবাৰীত । ইয়াৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ত এক বৈঠকতো অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Flood problems in lower Assam: ভূটানৰ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী এজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.