নলবাৰীৰ হানাপাৰাত ভূমিকেন্দ্ৰিক সংঘাত

author img

By

Published : Sep 20, 2022, 10:21 PM IST

clash for land in nalbari

ভূমিকেন্দ্ৰিক সংঘাটৰ ভয়ংকৰ পৰিণতি(Land related conflict in Nalbari) । দুটা ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা(Clash between two parties in Nalbari) । এটা ফৈদৰ আক্ৰমণত গুৰুতৰভাৱে আহত আনটো ফৈদৰ ৫ জনকৈ সদস্য ।

নলবাৰী,২০ চেপ্তেম্বৰ: নলবাৰী জিলাৰ আদাবাৰী পহৰা আৰক্ষী চকীৰ অন্তৰ্গত হানাপাৰাত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা(Tension over fight in Nalbari) । ভূমিকেন্দ্ৰিক সংঘাটৰ ফলতেই সংঘটিত হয় দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা(Clash between two parties in Nalbari) । প্ৰায় এবছৰ ধৰি আব্দুল কায়েম আৰু খাদিমুল ইছলামৰ মাজত ভূমিকেন্দ্ৰিক সংঘাটৰ গোচৰ আদালতৰ বিচৰাধীন হৈ আছে যদিও মঙলবাৰে দিনৰ প্ৰায় ৯ বজাত খাদিমূল ইছলামৰ নেতৃত্বত এটা বৃহৎ গুণ্ডা বাহিনীৰ দল লগত লৈ আব্দুল কায়েমৰ ঘৰত আক্ৰমণ চলায় ।

নলবাৰীৰ হানাপাৰাত ভূমিকেন্দ্ৰিক সংঘাত

উক্ত মাৰপিটত একেটা পৰিয়ালৰ ৫জনকৈ লোক ক্ৰমে আব্দুল কায়েম,মাতৃ ছবিতা বেগম,পত্নী আচমা খাতুন,জেষ্ঠ ভগ্নী মঞ্জুৱাৰা বেগম,আব্দুলৰ দহমহীয়া সন্তান আব্দুল আলফেদ গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় (5 people injured in clash at Nalbari) । আহত আটাইকেইজনকে ততাতৈয়াকৈ আদাবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আটাইকেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে(Clash between two groups in Nalbari) ।

ভুক্তভোগীয়ে ইতিমধ্যে আদাবাৰী পহৰা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । কিন্তু বৰ্তমানলৈ কোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

লগতে পঢ়ক: Cattle Smuggling in Assam: বকোত জব্দ ২৮ টা গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.