Example of love for nature : পেঞ্চনৰ ধনেৰে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন নলবাৰীৰ কৰুণা শৰ্মাৰ

author img

By

Published : Jan 24, 2023, 2:59 PM IST

Karuna Sharma shows an example of love for nature

প্ৰকৃতি প্ৰেমত হাবু-ডুবু খাইছে নলবাৰীৰ কৰুণা শৰ্মা(Nature lover Karuna Sharma) ৷ পেঞ্চনৰ ধনেৰে নিজ প্ৰচেষ্টাত গছপুলি উৎপাদন কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰোপন কৰিছে বহু গছপুলি (Tree planting in Assam)৷ কৰুণা শৰ্মাৰ এই প্ৰচেষ্টাক এতিয়া শলাগ জনাইছে বহু লোকে ৷

প্ৰকৃতি প্ৰেমত হাবু-ডুবু খাইছে নলবাৰীৰ কৰুণা শৰ্মাই

নলবাৰী, ২৪ জানুৱাৰী : এগৰাকী প্ৰকৃতিপ্ৰেমী ৷ নাম কৰুণা শৰ্মা ৷ প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে কৰুণা শৰ্মাই (Karuna Sharma shows an example of love for nature) ৷ ব্যক্তিগত প্ৰচেষ্টাত নিজৰ ঘৰতে নাৰ্চাৰী গঁঢ়ি বিভিন্ন প্ৰান্তত ৰোপণ কৰিছে গছপুলি ৷ যিটো সময়ত বন ধ্বংসযজ্ঞ চলি আহিছে, তেনে সময়তে নলবাৰীৰ এইগৰাকী প্ৰকৃতি প্ৰেমীৰ কাৰ্যই এতিয়া আনন্দিত কৰি তুলিছে সকলোকে ৷

উল্লেখযোগ্য যে, প্ৰকৃতিপ্ৰেমী কৰুণা শৰ্মাৰ ঘৰ নলবাৰীৰ গোৱালপাৰাত ৷ এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে ফৰেষ্ট গাৰ্ড হিচাপে অৱসৰ গ্ৰহণ কৰিছিল । জিলাখনৰ বিভিন্ন প্ৰান্তত থকা মঠ-মন্দিৰ, বিল্বেশ্বৰ দেৱালয়, বালিলেছা কালি দেৱালয়কে ধৰি পথৰ দাঁতিত গছপুলি ৰোপন (Tree planting in Assam) কৰি সেই পুঁলিসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰে কৰুণা শৰ্মাই ।

আনহাতে, ২০২১ চনত শৈক্ষিক প্ৰতিষ্ঠান জাতিস্কাৰ নামে এটা বে-চৰকাৰী সংস্থা (NGO) জন্ম দিছিল প্ৰকৃতি প্ৰেমী কৰুণা শৰ্মাই (Nature lover Karuna Sharma) ৷ সেই বে-চৰকাৰী সংস্থাটোৰ জৰিয়তেও বহু সময়ত বিভিন্ন গছপুলি ৰোপন কৰি তাৰ প্ৰতিপালন কৰি আহিছে এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে ৷

লগতে পঢ়ক : Road accident at Boko : বকোৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, অগ্নিদগ্ধ হৈ দুজনৰ মৃত্যু

সংবাদ মাধ্যমৰ আগত প্ৰকৃতি প্ৰেমীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বৰ্তমান তেওঁৰ নাৰ্চাৰীত ধূনাগছ, বটগছকে ধৰি প্ৰায় ২ হাজাৰ গছপুলি মজুত কৰি ৰাখিছে । চাকৰি জীৱনৰ সময়চোৱাৰ পৰাই তেওঁ বৰ্তমানলৈকে বিভিন্ন প্ৰান্তত প্ৰায় ১৫ হাজাৰ গছপুলি ৰোপন কৰিছে ৷ পেঞ্চনৰ ধনৰে প্ৰায় এবিঘা মাটিত নাৰ্চাৰী সাজি নিজে গছপুলি উৎপাদন কৰি প্ৰকৃতি প্ৰেমৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ।

আনহাতে, প্ৰকৃতিৰ সংৰক্ষণৰ বাবে যুৱ প্ৰজন্মক লৈ বিভিন্ন সময়ত তেওঁ বহু সজাগতামূলক সভাৰো আয়োজন কৰি আহিছে । যুৱ প্ৰজন্মকো গছপুলি ৰোপনৰ বাবে তেওঁ আহবান জনায় । প্ৰকৃতিৰ প্ৰতি নিঃস্বাৰ্থ ভালপোৱাৰ বাবে বিভিন্ন সময়ত সমাদৃত হৈ আহিছে কৰুণা শৰ্মা ।

লগতে পঢ়ক : Jihadi threatening letter: বৰপেটাত উদ্ধাৰ জেহাদীৰ ভাবুকি পত্ৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.