অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰৰ আধাৰশিলা স্থাপন

author img

By

Published : Sep 6, 2021, 2:30 PM IST

foundation stone laying ceremony of namghar in nalbari

নলবাৰীত অসম দৰ্শন আঁচনিৰ(Assam Darshan Scheme) অধীনত নামঘৰৰ(Namghar) আধাৰশিলা স্থাপন বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ(Jayanta Malla Baruah) ৷ জিলাখনৰ মুঠ 108 টা নামঘৰলৈ অনুদান আগবঢ়োৱা অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত দেওবাৰে 77 টা নামঘৰলৈ সৰ্বমুঠ আঢ়ৈ লাখ টকাৰ অনুদান আগবঢ়ায় বিধায়কগৰাকীয়ে ৷

নলবাৰী, 6 ছেপ্তেম্বৰ : ‘‘নামঘৰে সমাজ এখনলৈ পৰিৱৰ্তন আনে আৰু সেই নামঘৰক পুনৰ নিৰ্মাণ কৰাতো আমাৰ দায়িত্ব’’ ৷ এই উদ্দেশ্যেৰে দেওবাৰে নলবাৰীত অসম দৰ্শন আঁচনিৰ(Assam Darshan Scheme) অধীনত নামঘৰৰ(Namghar) আধাৰশিলা স্থাপন কৰে ৰাজ্য চৰকাৰৰ ৰাজনৈতিক সচিব তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই(Jayanta Malla Baruah) ৷

নামঘৰৰ আধাৰশিলা স্থাপনৰ পাচত বিধায়কগৰাকীয়ে নলবাৰী নাট্য মন্দিৰত ভকতসকলৰ সৈতে তাল বজোৱা পৰ্বত অংশগ্ৰহণ কৰে ৷ ভকতসকলক উদ্দেশ্যি তেওঁ কয় যে, ভাৰতীয় সভ্যতাৰ-সংস্কৃতিত সাংস্কৃতিক সমন্বয় গঢ়ি তুলিব লাগিব । আৰৱীয় সংস্কৃতি অসমৰ পৰা বহিষ্কাৰ কৰিব লাগিব ৷

নলবাৰীত নামঘৰৰ আধাৰশিলা স্থাপন

লগতে পঢ়ক: বিশ্বনাথত 105 গৰাকী ছাত্ৰ নেতাৰ বিজেপিত যোগদান

উল্লেখ্য যে, জিলাখনৰ প্ৰায় 400 গৰাকী ভকত-বৈষ্ণৱৰ উপস্থিতিত সমূহীয়াভাৱে নামঘৰসমূহৰ আধাৰশিলা স্থাপন কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷ জিলাখনৰ মুঠ 108 টা নামঘৰলৈ এই অনুদান আগবঢ়োৱা অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 77 টা নামঘৰলৈ সৰ্বমুঠ আঢ়ৈ লাখ টকাৰ অনুদান প্ৰদান কৰা হয় ।

ইয়াৰোপৰি, বিধায়ক জয়ন্ত মল্ল বৰুৱাই অসম দৰ্শন আঁচনিৰ জৰিয়তে অসমৰ প্ৰতিটো নামঘৰলৈ অনুদান আগবঢ়োৱা হ’ব বুলি মন্তব্য কৰে ৷ উক্ত কাৰ্যসূচীত বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে জিলা উপায়ুক্ত গীতিমণি ফুকন, নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালী, কৈলাশ তালুকদাৰ আৰু বিজেপিৰ জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ ৷

লগতে পঢ়ক: চচলত জনজাতিকৰণৰ দাবীৰে বিক্ষোভ প্ৰতিবাদ টাইপাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.