FIR Against Angurlata Deka: নলবাৰীত আঙুৰলতা ডেকাৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ

author img

By

Published : Jul 31, 2022, 9:11 PM IST

FIR Against Angurlata Deka

আহোম জাতিক অপমানৰ অভিযোগত নলবাৰী সদৰ থানাত দাখিল কৰা হ’ল এজাহাৰ ৷ আঙুৰলতা ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে ৷ অংকিতা দত্তৰ(Assam Pradesh Youth Congress president Angkita Dutta) নেতৃত্বত যুৱ কংগ্ৰেছৰ কৰ্মীসকলে নলবাৰী আৰক্ষী থানাত(Nalbari police station) দাখিল কৰে এজাহাৰ ।

নলবাৰী, ৩১ জুলাই: নলবাৰীত আঙুৰলতা ডেকাৰ বিৰুদ্ধে অংকিতা দত্তৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ এজাহাৰ দাখিল(FIR against Angoorlata Deka) ৷ নলবাৰী সদৰ থানাৰ সন্মুখতে জ্বলিল বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ পুত্তলিকা (Angoorlata Deka effigy burn in Nalbari) । নলবাৰীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেতৃত্বত প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ ৷

নলবাৰীত আঙুৰলতা ডেকাৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ দাখিল

উল্লেখযোগ্য যে দুদিন পূৰ্বে আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা এক সমদলত আহোম জাতি মূৰ্দাবাদ ধ্বনি(Ahom Jaati Murdabad slogan) দিয়াৰ অভিযোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ । আজি সন্ধিয়া নলবাৰী চহৰৰ মাজ মজিয়াৰ নলবাৰী সদৰ থানাৰ সন্মুখত আঙুৰলতা ডেকাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে । লগতে আঙুৰলতা ডেকাৰ বিৰুদ্ধে অংকিতা দত্তৰ(Assam Pradesh Youth Congress president Angkita Dutta) নেতৃত্বত যুৱ কংগ্ৰেছৰ কৰ্মীসকলে নলবাৰী আৰক্ষী থানাত(Nalbari police station) এক এজাহাৰ দাখিল কৰে ।

কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই সাংবাদিকৰ আগত কয় যে ৰাজনীতিক দোহাই দি বিজেপিয়ে খিলঞ্জীয়াক ভাগ ভাগ কৰি আহিছে ৷ আঙুৰলতা ডেকাই আহোম সম্প্ৰদায়ক কৰা অপমানক তীব্ৰ গৰিহণা দিয়ে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । একে সময়তে অংকিতা দত্তই নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো সমালোচনা কৰে ।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক 'গজনি' আখ্যা দিয়ে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে । বিজেপিৰ জেহাদীৰে সু-সম্পৰ্ক থকাৰ অভিযোগ তুলি অংকিতা দত্তই জেহাদীৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি বিজেপিয়ে অসমখনক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য কৰে । নলবাৰী সদৰ থানাত যুৱ কংগ্ৰেছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতেই নলবাৰী সদৰ থানাৰ সন্মুখতেই আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

লগতে পঢ়ক: AJYCP protest at Sonari : সোণাৰিৰ ৰাজপথত জ্বলিল বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ প্ৰতিকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.