অধ্যাপিকা ৰুমী কাকতিৰ মৃত্যুৰ তদন্ত বিচাৰি স্মাৰক পত্ৰ প্ৰদান

author img

By

Published : Sep 2, 2022, 12:53 PM IST

Updated : Sep 2, 2022, 2:24 PM IST

Nalbari

প্ৰসংগ নলবাৰীৰ শুশ্ৰূষা হস্পিটেলত অধ্যাপিকাৰ মৃত্যু (Professor died at Nalbari Sushrusha Hospital) । মৃত্যুক সহজভাৱে ল'ব পৰা নাই বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজে । অধ্যাপিকা ৰুমী কাকতিৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ স্মাৰক-পত্ৰ প্ৰদান (Professor Rumi Kakati death case in Nalbari)।

নলবাৰী, ২ ছেপ্টেম্বৰ : নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পূৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ (Kumar Bhaskar Varma University Nalbari) অধ্যাপিকা ড° ৰুমী কাকতিৰ চিকিৎসালয়ত মৃত্যুৰ ঘটনাক সহজভাৱে গ্ৰহণ কৰিব পৰাই বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজে (Kumar Bhaskar University professor death case) ।

যাৰ বাবে উক্ত ঘটনাৰ তদন্তৰ দাবীত বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ প্ৰদান কৰে (memorendum to Nalbari DC and SP) । আনহাতে, ৰুমী কাকতিৰ স্বামী জয়ন্ত কলিতাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি টোঁৱাইছে বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলে । উল্লেখ্য, যোৱা ২৬ আগষ্টৰ নিশা নলবাৰীৰ শুশ্ৰূষা হস্পিটেলত মৃত্যু ঘটিছিল অধ্যাপিকা ড° ৰুমী কাকতিৰ (Professor died at Nalbari Sushrusha Hospital) ।

অধ্যাপিকা ৰুমী কাকতিৰ মৃত্যুৰ তদন্ত বিচাৰি স্মাৰক পত্ৰ প্ৰদান

সন্তান প্ৰসৱৰ এদিন পিছতে চিকিৎসকৰ ভুলৰ বাবে ৰুমী কাকতি মৃত্যুমুখত পৰাৰ অভিযোগ আনিছিল তেওঁ‌ৰ স্বামী জয়ন্ত কলিতাই । কিন্তু ৰুমী কাকতিৰ মৃত্যৱে এতিয়া লৈছে এক নতুন মোৰ । এইবাৰ ৰুমী কাকতিৰ সহকৰ্মী শিক্ষক সমাজে এই সন্দৰ্ভত কৰিছে বিস্ফোৰক অভিযোগ । ড° ৰুমী কাকতিৰ স্বামী জয়ন্ত কলিতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ নলবাৰী সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজৰ (husband alleged to murder wife) ।

অধ্যাপিকা পত্নীক তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়াৰ অভিযোগ সহকৰ্মীসকলৰ । পূৰ্ব পৰিকল্পিতভাৱে স্বামী জয়ন্ত কলিতাই ৰুমী কাকতিক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলে ৰুমী কাকতিৰ মৃত্যু সাধাৰণ মৃত্যু নহয় বুলি অভিযোগ কৰি মৃত ৰুমীৰ মৰণোত্তৰ পৰীক্ষা কিয় সম্পন্ন কৰা নহ'ল তাকে লৈয়ো উত্থাপন কৰিছে প্ৰশ্ন । আনহাতে, দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱা অধ্যাপিকা ড° ৰুমী কাকতিয়ে প্ৰায়ে সহকৰ্মীৰ সন্মুখত কান্দিছিল বুলিও প্ৰকাশ কৰিছে শিক্ষক সমাজে (Demand Enquiry Of Professor Rumi Kakati Death) ।

আনকি পাষণ্ড স্বামীৰ নিৰ্যাতনৰ বাবে ড° ৰুমী কাকতিয়ে ভাড়াঘৰ এৰিবলৈও বাধ্য হোৱা বুলি অভিযোগ । এই সকলোবোৰ বিষয় সন্নিৱিষ্ট কৰি ড° ৰুমী কাকতিৰ মৃত্যুৰ তদন্ত বিচাৰি শুকুৰবাৰে সন্ধিয়া জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নলবাৰী সংস্কৃত আৰু পূৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে প্ৰদান কৰে স্মাৰক-পত্ৰ । লগতে উচিত তদন্তৰ দ্বাৰা দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলে দাবী জনায় (Demanding Legal action by proper investigation) ।

লগতে পঢ়ক :বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ধুবুৰীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

Last Updated :Sep 2, 2022, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.