প্ৰেমিকৰ লগত কাজিয়া লাগি বিহপান কৰি আত্মহত্যা কলেজীয়া ছাত্ৰীৰ

author img

By

Published : Sep 13, 2022, 8:37 PM IST

College girl suicide in Nlabari

নলবাৰীৰ সুতাৰকুছিত সংঘটিত হৈছে কলেজীয়া ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা(College girl suicide in Nlabari) ৷ প্ৰেমিকৰ লগত কাজিয়া লাগি বিহপান কৰি আত্মহত্যাৰ কৰিলে ছাত্ৰীগৰাকীয়ে ৷ ছুইচাইড নোটত প্ৰেমিকৰ নাম উল্লেখ কৰি থৈ যায় ছাত্ৰীগৰাকীয়ে (Suicide note recovered)৷

নলবাৰী, 13 ছেপ্টেম্বৰ: "মা মোক তুমি বেয়া নাপাবা ৷ মই এটা সিদ্ধান্ত ল’ব লগা হ’ল ৷ মা মই জয়ন্তৰ কাৰণে বিহ খাব লগা হ’ল ৷ জয়ন্ত আৰু মোৰ মাজত সদায় কাজিয়াৰ সৃষ্টি হয় ৷ মই তাক বেয়া বস্তু খোৱাৰ মানা কৰাৰ স্বত্বেও সি সদায় খায় আৰু মই খাবলৈ মানা কৰিলে সি মোৰ লগত কাজিয়া কৰে ৷ এতিয়া মই বিহ খোৱাৰ বাবে জগৰীয়া জয়ন্ত কলিতা ৷ সি মোক মিছাতে সন্দেহ কৰি মোবাইলৰ ছিমখন লৈ গৈছে ৷" ছুইচাইড নোটত যুৱতীৰ অকপট স্বীকাৰোক্তি ৷

প্ৰেম এক স্বৰ্গীয় অনুভূতি ৷ প্ৰেমে জীয়াই থাকিবলৈ সাহস দিয়ে ৷ প্ৰেমে জীৱনত ৰং ছটিয়াই ৷ কিন্তু এই প্ৰেমেই যেতিয়া মানসিক অশান্তিলৈ ৰূপান্তৰিত হয়, প্ৰেম জীয়াই থকাৰ উৎসৰ হোৱাৰ বিপৰীতে প্ৰেমে ঘাতকৰ ৰূপ লৈ তেতিয়াই শেষ হৈ যায় এটা জীৱন (Suicide for love)৷ নলবাৰীত মঙলবাৰে প্ৰেমিকৰ লগত কাজিয়া লাগি এগৰাকী কলেজীয়া ছাত্ৰীয়ে বিহপান কৰি আত্মহনন কৰাৰ ঘটনা পোহৰলৈ আহিছে (College girl suicide in Nlabari)৷

প্ৰেমিকৰ লগত কাজিয়া লাগি বিহপান কৰি আত্মহত্যা কলেজীয়া ছাত্ৰীৰ

নলবাৰীৰ সুতাৰকুছিত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা ৷ অসম ভেলি একাডেমিৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকত অধ্যয়ণৰত ছাত্ৰী পল্লৱী কলিতাৰ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Girl suicide for love)৷

নিকটৱৰ্তী গাঁৱৰে জয়ন্ত কলিতা নামেৰে এজন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল পল্লৱী ৷ দিন বাঢ়ি অহাৰ লগে লগে দুয়োৰে সম্পৰ্কৰ কথা ঘৰৰ লোকেও গম পাইছিল ৷ কিন্তু জয়ন্তৰ ঘৰৰ লোকে মানি লোৱা নাছিল দুয়োৰে প্ৰেমৰ সম্পৰ্ক ৷ এই বিষয়ত দুয়োৰে ঘৰত বহুবাৰ কাজিয়াৰ সূত্ৰপাতো হৈছিল ৷ আনকি জয়ন্তৰ ঘৰৰ লোকে পল্লৱীৰ ঘৰত সকিয়নি দি থৈও গৈছিল ৷

ইফালে জয়ন্ত আৰু পল্লৱীৰ সম্পৰ্কতো লাহে লাহে ফাঁট মেলিবলৈ আৰম্ভ কৰিছিল ৷ জয়ন্তই নিচাযুক্ত সামগ্ৰী সেৱন কৰাৰ বাবে পল্লৱীয়ে হকা বধা কৰাক লৈ দুয়োৰে মাজত প্ৰায় কাজিয়া হৈছিল ৷ আনহাতে পল্লৱীৰ অন্য যুৱকৰ লগত সম্পৰ্ক থকা বুলি সন্দেহ কৰিছিল জয়ন্তই৷ ফলত জয়ন্তই পল্লৱীক মানসিকভাৱে অশান্তি কৰিছিল বুলি ঘৰৰ লোকে জানিবলৈ দিছিল ৷

ঘটনাৰ দিনা পল্লৱীয়ে বহু নিশালৈ জয়ন্তৰ সৈতে কাজিয়া কৰি থকাৰ বাবে পল্লৱীৰ মাতৃয়ে গালি পাৰি তাইক শুবলৈ কৈ থৈ আহিছিল ৷ কিন্তু তাৰ কিছু সমৰ পিছতেই পল্লৱীয়ে বমি কৰিবলৈ আৰম্ভ কৰে ৷ পল্লৱীৰ মাতৃয়ে অন্য অসুখ হোৱা বুলি ভাবি তেওঁক নলবাৰী চিকিৎসালয়ত ভৰ্তি কৰে ৷ তাৰ পিছতো পল্লৱী সুস্থ নোহোৱাত তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাত পল্লৱীয়ে চিকিৎসকৰ হেঁচাত বিহপান কৰাৰ কথা অৱগত কৰে ৷

পল্লৱীয়ে মৃত্যুৰ পূৰ্বে এখন ছুইচাইড নোট লিখি থৈ যায় (Suicide note recovered)৷ নোটখনত জয়ন্তৰ কাৰণেই পল্লৱীয়ে আত্মহননৰ পথা বাচি লোৱা বুলি উল্লেখ কৰি থৈ যায় ৷

মঙলবাৰে সূতাৰকুছিৰ বাসগৃহলৈ পল্লৱীৰ নিঠৰ দেহ লৈ অহাৰ পিছতে অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ ইতিমধ্যে পল্লৱীৰ পৰিয়ালে নলবাৰী আৰক্ষী (Nalbari police) থানাত প্ৰেমিক জয়ন্তৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে (Case register against lover)৷ আৰক্ষীয়ে ছুইচাইড নোটখন উদ্ধাৰ কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ১২ বছৰৰ অন্তত ত্ৰিপুৰা আৰক্ষীৰ জালত গাৰ্হস্থ্য হিংসাৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.