Central minister Kiren Rijiju Nalbari visit: নলবাৰীত দলীয় সভা সম্পন্ন কৰি সংবাদমেল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

author img

By

Published : May 24, 2023, 3:42 PM IST

Central minister Kiren Rijiju Nalbari visit

নলবাৰীত দলীয় সভা সম্পন্ন কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সংবাদমেল । বিৰোধী কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা মন্ত্ৰীগৰাকীৰ ৷ বৰপেটা লোকসভা সমষ্টি কংগ্ৰেছৰ পৰা উদ্ধাৰৰ বাবে ইতিমধ্যে বিজেপিয়ে আৰম্ভ কৰিছে গণ সংযোগ অভিযান (Central minister Kiren Rijiju Nalbari visit)।

নলবাৰীত কিৰেণ ৰিজিজুৰ সংবাদমেল

নলবাৰী, ২৪ মে’: কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হয় (Central minister Kiren Rijiju Nalbari visit)। বৰপেটা লোকসভা সমষ্টি কংগ্ৰেছৰ পৰা উদ্ধাৰৰ বাবে ইতিমধ্যে বিজেপিয়ে আৰম্ভ কৰিছে গণ সংযোগ অভিযান । এই উদ্দেশ্যৰে মঙলবাৰে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহসমষ্টি ধৰ্মপুৰত লোকসভা প্ৰবাস যোজনা নামেৰে এখন সভা আয়োজন কৰা হয় । এই দলীয় সভাৰ পিচতে মন্ত্ৰী কিৰেণ ৰিজিজুয়ে এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলখন সম্বোধন কৰি মন্ত্ৰী কিৰেণ ৰিজিজুয়ে বিৰোধী কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে ৷ তেওঁ কয় যে, কংগ্ৰেছক ভোট দিয়া মানে ব্ৰহ্মপুত্ৰত ভোট বিসৰ্জন দিয়া । বিগত তিনিটা দিন বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিটা বিধানসভা পৰিভ্ৰমণ কৰিলোঁ । উক্ত ভ্ৰমণৰ অন্তত এইবাৰ বৰপেটা বিজেপিৰ হাতলৈ আহিব বুলি সংবাদমেলত সদৰী কৰে ।

তেওঁ লগতে কয় যে দলীয় কাৰ্যসূচী লৈ এই তিনিদিনত হিতাধিকাৰীৰ লগত মতবিনিময় কৰি ভাল পাইছো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উন্নয়নমূলক আঁচনিত ৰাইজ উপকৃত হৈছে আৰু আজি মুছলমান লোকসকলে স্ব-ইচ্ছাই আহি বিজেপিত যোগদান কৰি আছে বুলি কয় । বৰপেটা লোকসভাৰ অন্তৰ্গত সংখ্যালঘু লোকসকলে আজি উন্নয়ন বিচাৰে । ৰাইজে সকলো বুজি পাইছে । এতিয়া আৰু কংগ্ৰেছৰ ভয় ভাবুকিৰে ভোট খুজিও লাভ নহ’ব বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, মঙলবাৰে নলবাৰীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Central earth sciences minister Kiran Rijiju) প্ৰথমতে বেলশৰস্থিত ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত বাবাৰ আশিস লয় (Kiren Rijiju at Bilweswar Dewalaya Nalbari) । বিল্বেশ্বৰত আশিস লৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত আশিস লৈ মনত প্ৰশান্তি অনুভৱ কৰা বুলি প্ৰকাশ কৰে । বিল্বেশ্বৰ দেৱালয়ত আশীৰ্বাদ গ্ৰহণৰ পিচত মন্ত্ৰী কিৰেণ ৰিজিজু চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত অনুষ্ঠিত সভাখনত অংশ লয় ।

লগতে পঢ়ক: Central Minister Kiren Rijiju: বিল্বেশ্বৰ দেৱালয়ত আশিস গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.