নলবাৰীত খেতি পথাৰত উদ্ধাৰ সদ্যজাত শিশুৰ মৃতদেহ

নলবাৰীত খেতি পথাৰত উদ্ধাৰ সদ্যজাত শিশুৰ মৃতদেহ
নলবাৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ (Body of newborn child found in Nalbari)। পশ্চিম নলবাৰীৰ ককয়া ঢকুৱাবন্ধাৰ খেতি পথাৰত উদ্ধাৰ হৈছে মৃতদেহটো । মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ সদ্যজাত কেঁচুৱাৰ মৃতদেহ ।
নলবাৰী,৪ ফেব্ৰুৱাৰী : নলবাৰীত কোনো নিষ্ঠুৰ লোকে খেতি পথাৰত পেলাই থৈ গ'ল সদ্যজাত এটি কন্যা শিশু । মৃত অৱস্থাত কেঁচুৱাটো উদ্ধাৰ হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্য সমগ্ৰ অঞ্চলত । এই ঘটনা পশ্চিম নলবাৰীৰ ককয়া ঢকুৱাবন্ধাৰ (New born baby's dead body recovered) ।
জানিব পৰা মতে সন্ধিয়া পথাৰৰ পৰা এৰাল দিয়া গৰু আনিবলৈ যোৱাৰ সময়তে এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে কেঁচুৱাটো । পথাৰৰ নৰাৰ মাজত পৰি আছিল কেঁচুৱাটো (Body of newborn child found in Nalbari)। আনকি কেঁচুৱাটোৰ শৰীৰৰ কিছু অংশ কুকুৰে ভক্ষণো কৰিছিল । লগে লগে আৰক্ষীক খবৰ দিয়া হয় ।
ঘটনাস্থলীত বেলশৰ আৰক্ষী উপস্থিত হৈ কেঁচুৱাটোৰ মৃতদেহ উদ্ধাৰ কৰিছে । ক্ষত-বিক্ষত মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
এই ঘটনাৰ পাছত সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ লোকে সন্দেহ কৰা মতে অবৈধ প্ৰেমৰ পৰিণতিত জন্ম লাভ কৰা কেঁচুৱাটো কোনো নিষ্ঠুৰ পিতৃ-মাতৃয়ে নিজৰ এনেদৰে পেলাই থৈ গৈছে ।
লগতে পঢ়ক :Child rape at Kalgachia: 40 বছৰীয়া পুৰুষৰ কামনাৰ বলি এটি তিনি বছৰীয়া কণমানি
