নলবাৰীত পাগলাদিয়াৰ বুকুত আয়োজন পৰাম্পৰাগত নাওখেল প্ৰতিযোগিতা

author img

By

Published : Sep 15, 2022, 12:50 PM IST

Boat Competition In Nalbari

নলবাৰীত পাগলাদিয়াৰ বুকুত পৰাম্পৰাগত নাওখেল প্ৰতিযোগিতা (Boat Competition In Nalbari) । ২নং লোহাৰকাঠা উদীয়ামান যুৱক সংঘৰ সৌজন্যত আয়োজিত কৰা হয় প্ৰথম বাৰ্ষিক নাওখেল প্ৰতিযোগিতাখনিৰ ৷ ইয়াত বিজয়ী খিতাপ লাভ কৰে মা ৰূপহী নাওখনৰ দলটোৱে ৷

নলবাৰী, ১৫ ছেপ্টেম্বৰ : বুধবাৰে নলবাৰীত পাগলাদিয়াৰ বুকুত আয়োজন কৰা হয় পৰাম্পৰাগত নাওখেল প্ৰতিযোগিতা (Boat Competition In Nalbari)। নলবাৰীৰ ২ নং লোহাৰকাঠা উদীয়মান যুৱক সংঘৰ সৌজন্যত আয়োজিত হয় এই প্ৰথম বাৰ্ষিক নাওখেল প্ৰতিযোগিতাখনিৰ ।

উল্লেখ্য যে, নলবাৰীৰ লোহাৰকাঠাত পৰম্পৰাগত এই নাওখেল প্ৰতিযোগিতাখনি প্ৰত্যেক বছৰে আয়োজন কৰা কৰি অহা হৈছে । বিভিন্ন সংঘ তথা ৰাইজৰ সহযোগত এই পৰম্পৰাগত নাওখেল চলি আহিছে যদিও বিভিন্ন খেলৰ সমান্তৰালকৈ নাওখেল এতিয়া অধিক জনপ্ৰিয় হ’ব ধৰিছে ।

যাক লৈ নাওখেলৰ এক উচাহ বোৱা পৰিলক্ষিত হৈছে সমগ্ৰ উত্তৰ কামৰূপৰ প্ৰান্তে প্ৰান্তে ।

নলবাৰীত পাগলাদিয়াৰ বুকুত আয়োজন পৰাম্পৰাগত নাওখেল প্ৰতিযোগিতা

নলবাৰীৰ ২ নং লোহাৰকাঠা উদীয়মান যুৱক সংঘয়ো এইবেলি প্ৰথম বাৰ্ষিক বিৰাট হোলং নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে (traditional boat race)। মুঠ দহখন খেলনাৱৰ মাজত তীব্ৰ উত্তেজনামূলক নাওখেলখন অনুষ্ঠিত হয় । বুধবাৰে পাগলাদিয়াৰ দুয়োপাৰে হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত এই খেলখন অনুষ্ঠিত হয় ।

কামৰূপৰ মা ৰূপহী আৰু জোনতৰা নাৱৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হয় ৷ ইয়াত মা ৰূপহী নাওখনে বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । বিজয়ী মা ৰূপহী নাওখনৰ দলটোক নগদ ১০ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰা হয় ৷ লগতে দ্বিতীয় স্থান লাভ কৰা জোনতৰা নাৱৰ দলটোক নগদ ৭ হাজাৰ টকা আৰু এটা ট্ৰফীৰে পুৰষ্কৃত কৰে আয়োজক সমিতিয়ে ।

লগতে পঢ়ক : মাধৱদেৱৰ তিৰোভাৱ তিথি : গুৰু বন্দনাৰে মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.