নলবাৰীৰ বৰক্ষেত্ৰীত ছয় শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ অসম আৰক্ষীৰ

author img

By

Published : Sep 21, 2022, 10:26 PM IST

Assam Police distributes food items in Nalbari

আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীয়ে আজি বৰক্ষেত্ৰীৰ ছয় শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী (Assam Police distributes food items)।

নলবাৰী, ২২ ছেপ্টেম্বৰ: বৰক্ষেত্ৰীৰ ছয় শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ অসম আৰক্ষীৰ (Assam Police distributes food items) ৷ আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক মধুৰ কৰাৰ লক্ষ্যৰে অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি আজি বৰক্ষেত্ৰীৰ ছয় শতাধিক দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে চতুৰ্দশ অসম আৰক্ষী বাহিনীয়ে ৷

নলবাৰীৰ জিলাৰ দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক উজ্বল প্ৰতিম বৰুৱাৰ নিৰ্দেশত বাহিনীৰ একাংশ বিষয়া-জোৱানে আজি বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰতলা গাঁৱত উপস্থিত হৈ গাঁওখনৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰে (Assam Police distributes food items to in Nalbari) ৷ বৰতলা লক্ষ্মী মন্দিৰ প্ৰাংগণত ৰাইজৰ সৈতে বিষয়া-জোৱানসকলে মত বিনিময় কৰি গাঁওখনৰ ছয় শতাধিক পৰিয়ালক খাদ্য-সামগ্ৰী যোগান ধৰে ৷

নলবাৰীৰ বৰক্ষেত্ৰীত ছয় শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ অসম আৰক্ষীৰ

শিশুৰ চকলেট, বিস্কুটৰ পৰা আৰম্ভ কৰি দৈনন্দিন ৰান্ধনিশালত প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী যোগান ধৰে চতুৰ্দশ অসম আৰক্ষী বাহিনীয়ে ৷ বাহিনীৰ পৰিদৰ্শক দনপতি নাথৰ নেতৃত্বত বাহিনীৰ বিশজনীয়া এটা দলে গাঁওখনৰ লোকসকলক খাদ্য সামগ্ৰীসমূহ যোগান ধৰে ৷

উল্লেখ্য যে ১৯৫১ চনৰ ১ অক্টোবৰত অসম আৰক্ষীৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল কে.আৰ চৌধুৰীয়ে ৷ তেতিয়াৰে পৰা পহিলা অক্টোবৰৰ দিনটো অসম আৰক্ষী দিৱস হিচাপে পালন কৰি আহিছে (Assam police day) ৷ উক্ত আৰক্ষী দিৱসৰ প্ৰাকক্ষনত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ এনে মহৎ কৰ্ম আৰু উদ্দেশ্যক গাঁওবাসীয়ে শলাগ লৈছে ৷

অনুষ্ঠানটো আঁত ধৰে স্থানীয় যুৱ সাংবাদিক জয়ন্ত ডেকাই ৷ অনুষ্ঠানটোত মুকালমুৱা আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰাহুল উল্লাহ, বৰতলা গাঁৱৰ গাঁওপ্ৰধান অন্নৰাম বৰ্মনসহ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: মন্দিৰৰ নামত মুছলমান দম্পতিৰ কোটি টকাৰ অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.