নলবাৰীৰ বৰনৰ্দ্দীৰ ৫২২ বছৰীয়া এখন দুৰ্গা পূজা

author img

By

Published : Sep 29, 2022, 3:38 PM IST

Durga Puja at Barnardi in Nalbari

নলবাৰীৰ আটাইতকৈ পুৰণি দুৰ্গা পূজা হৈছে বৰনৰ্দ্দীৰ পূজা (Durga Puja at Barnardi in Nalbari)। এই পূজাৰ প্ৰস্ততি তুংগত উঠিছে । ৫২২ বছৰীয়া যিখন পূজাত এসময়ত দিয়া হৈছিল নৰবলি । সম্প্ৰতি আধ্যাত্মিকতাৰে আয়োজন কৰা হৈছে দুৰ্গা পূজাৰ । আন বহু দুৰ্গা পূজাৰ দৰে ইয়াত দেখা নাপায় দেৱীৰ প্ৰতিমা ৷

নলবাৰী, 29 ছেপ্টেম্বৰ: শৰৎ ঋতুৰ আগমনে ধাৰালৈ আনিছে আনন্দৰ বন্যা (Durga Puja 2022 in Assam) ৷ দুৱৰিৰ দলিচাত শেৱালিৰ কোমল পাহিয়ে বতৰা দিছে শৰৎ অহাৰ । শৰতৰ এই সুন্দৰ পৰিৱেশত আনন্দত আত্মহাৰা সকলো ৷ ধৰালৈ মা দুর্গা আহিবলৈ মাজত মাথোঁ দুটা দিন ৷ সমগ্ৰ দেশবাসীয়ে মা দুর্গাৰ চৰণত আশীষ ল'বলৈ উৎসাহিত হৈ পৰিছে । মৃৎ শিল্পী সকলে সাজু কৰি তুলিছে দুৰ্গাৰ মৃণ্ময় মূৰ্তি সমূহ ৷ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নলবাৰীতো (Durga Puja 2022 at Nalbari) আৰম্ভ হৈছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি ।

নলবাৰী জিলাৰ আটাইতকৈ পুৰণি দুৰ্গা পূজা বৰনৰ্দ্দী দূৰ্গা পূজাৰ প্ৰস্ততি তুংগত (Durga Puja at Barnardi in Nalbari)। জিলাখনৰ বৰনৰ্দ্দী দুৰ্গা মন্দিৰৰ ৫২২ বছৰ পুৰণি দুৰ্গা পূজাৰ আছে এক বিশেষত্ব ৷ ইয়াত নাই কোনো জাক-জমকতা । নাই কোনো আধুনিকতাৰ পৰশ ৷ আন বহু দুৰ্গা পূজাৰ দৰে ইয়াত দেখা নাপায় দেৱীৰ প্ৰতিমা ৷ মন্দিৰত দুৰ্গা দেৱীৰ বিপৰীতে পূজা কৰা হয় এজোপা ৰাম কলগছক (Durga Puja without idol Goddass at Barnardi)।

নলবাৰীৰ বৰনৰ্দ্দীৰ ৫২২ বছৰীয়া এখন দুৰ্গা পূজা

কিংবদন্তি অনুসৰি কনৌজৰ ক্ষত্ৰিয় বংশৰ (Kshatriya lineage of Kannauj) পৰা আহিছিল নীলকন্ঠ ভূঞা । পিছত ইয়াতেই নিগাজিকৈ আছিল নীলকন্ঠ ভূঞা । ইফালে, নীলকন্ঠ ভূঞাক ৰায়বৰুৱা উপাধি প্ৰদান কৰিছিল ৰজাই । নীলকণ্ঠ ৰায়বৰুৱাৰ উত্তৰসূৰী শৈলকণ্ঠই নৰ্দী গাঁৱত অনুষ্ঠিত দুৰ্গা পূজাখনিক অনন্য মাত্ৰা দিয়ে ।

অৱশ্য়ে নিজৰ শক্তি, সামৰ্থ বৃদ্ধিৰ অৰ্থে শৈলকণ্ঠই গোপনে দুৰ্গা পূজাৰ মহানৱমীৰ দিনটোত নৰবলি দিয়াৰ কথা পৰৱৰ্তী সময়ত পোহৰলৈ আহে ৷ আহোম ৰজাই ইয়াৰ সম্ভেদ লাভ কৰি কটকী পঠিয়াই শৈলকণ্ঠক ধৰিবলৈ ৷ কিন্তু এই খবৰ লাভ কৰি সগৰ্ভা পত্নীসহ শৈলকণ্ঠ পলাই গৈ কাপলা বিলত আত্মজাহ দিয়ে বুলি ৰাইজে বিশ্বাস কৰি আহিছে ৷ পৰৱৰ্তী সময়ত নৰ বলি দি দুৰ্গা পূজা কৰাৰ বাবে গাঁৱখনৰ নাম নৰ্দী হয় ৷ অৱশ্য়ে এতিয়া এনে ঘটনাৰ পুনৰাবৃত্তি নকৰাৰ বাবে ৰাইজ সতৰ্ক ।

লগতে পঢ়ক:Durga Puja 2022 : সষ্টম মহানগৰ আৰক্ষী তথা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.