নলবাৰীৰ পলাতক লাট মণ্ডল জাকিৰ হুছেইনৰ পুখুৰী জব্দ

author img

By

Published : Sep 19, 2022, 12:10 PM IST

Updated : Sep 19, 2022, 1:17 PM IST

পলাতক অভিযুক্ত নলবাৰীৰ লাট মণ্ডল জাকিৰ হুছেইনৰ পুখুৰী জব্দ

শেহতীয়াকৈ ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ (Operation against corruption) পাচতো প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই একাংশ চৰকাৰী বিষয়াৰ দপদপনি অব্যাহত আছে ৷ এইবাৰ ভূমি জালিয়াতিৰ গোচৰত বৰ্তমানো পলাতক অৱস্থাত থকা অভিযুক্ত লাট মণ্ডল জাকিৰ হুছেইনৰ এটা পুখুৰী জব্দ কৰে প্ৰশাসনে ।

নলবাৰী, 19 ছেপ্টেম্বৰ : খক গুচা নাই লাট মণ্ডলৰ ৷ দৰমহাৰ টকাৰে পেট নভৰে এইসকল চৰকাৰী কৰ্মচাৰীৰ ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ (Operation against corruption) পাচতো প্ৰশাসনক ভেঙুচালি কৰি একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দপদপনি অব্যাহত আছে ৷

ৰাজ্যত প্ৰতিদিনে ইজনৰ পিছত সিজন চৰকাৰী বিষয়া উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰাৰ (Allegation of bribery against Lat Mandal in Nalbari) সময়তে নলবাৰী জিলাৰ মুকালমুৱাৰ সোণাপুৰত এগৰাকী লাট মণ্ডলৰ সম্পত্তি জব্দ কৰে প্ৰশাসনে । ভূমি জালিয়তিৰ গোচৰত অভিযুক্ত লাট মণ্ডল জাকিৰ হুছেইনৰ এটা পুখুৰী জব্দ কৰে প্ৰশাসনে ।

পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ লাট মণ্ডল আছিল জাকিৰ হুছেইন ।

পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বড়ি টাপা লাটৰ লাট মণ্ডল জাকিৰ হুছেইনে একাংশ ভূ-মাফিয়াৰ লগত লগ লাগি জালিয়াতিৰে ভূমি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছিল একাংশ ভূক্তভোগীয়ে । ভুক্তভোগী লোকৰ অভিযোগৰ ভিত্তিত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পনা শৰ্মাই তদন্ত কৰি লাট মণ্ডল জাকিৰ হুছেইনৰ বিৰুদ্ধে চলিত বৰ্ষৰ 24 ফেব্ৰুৱাৰী তাৰিখে বেলশৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ।

লগতে পঢ়ক : Operation against corruption: ঘোচ লৈ হাতে-লোটে ধৰা পৰিল ৰেঞ্জাৰ-লাট মণ্ডল

চক্ৰ বিষয়াৰ এজাহাৰৰ ভিত্তিত লাট মণ্ডল জাকিৰ হুছেইনৰ বিৰুদ্ধে বেলশৰ থানাই 40/2022 নম্বৰত এক গোচৰ ৰুজু কৰিছিল । সেই তেতিয়াৰে পৰাই পলাতক হৈ আছে লাট মণ্ডল জাকিৰ হুছেইন । আৰক্ষীৰ গোচৰৰ ভিত্তিত নলবাৰী আদালতে লাট মণ্ডল জাকিৰ হুছেইনৰ সম্পত্তি জব্দ কৰাৰ বাবে প্ৰশাসনক নিৰ্দেশ দিছিল (Accused Lat Mandal Zakir Hussain pond seized in Nalbari) ।

নলবাৰীৰ পলাতক লাট মণ্ডল জাকিৰ হুছেইনৰ পুখুৰী জব্দ

আদালতৰ সেই নিৰ্দেশ অনুসৰিয়েই লাট মণ্ডলগৰাকীৰ মুকালমুৱাৰ সোণাপুৰত থকা এটা পুখুৰী জব্দ কৰে প্ৰশাসনে । বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উদয় শংকৰ দত্তৰ নেতৃত্বত আৰক্ষী প্ৰশাসনৰ দল এটাই লাট মণ্ডলগৰাকীৰ পুখুৰীটো জব্দ কৰে। ইতিমধ্যেই নলবাৰী জিলা উপায়ুক্তই চাকৰিৰ পৰা নিলম্বন কৰিছে লাট মণ্ডল জাকিৰ হুছেইনক ।

লাট মণ্ডলগৰাকীৰ লগত ভূমি জালিয়াতিত জড়িত ভূ-মাফিয়া সকলোৰ বিৰুদ্ধেও উচিত তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাই এগৰাকী ভুক্তভোগীয়ে ।

লগতে পঢ়ক : Operation against corruption: উৎকোচ লৈ আটক হ’ল সাপেখাটি ৰাজহ চক্ৰৰ লাট মণ্ডল

Last Updated :Sep 19, 2022, 1:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.