নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পক নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবী

author img

By

Published : Sep 30, 2022, 2:02 PM IST

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পক নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবী

নলবাৰীত আছুৰ মুখ্য উপদেষ্ঠা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য ৷ নামনি জলবিদ্যুৎ প্ৰকল্পৰ লগতে শেহতীয়াকৈ শিক্ষা বিভাগে মাধ্যম সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰে ড৹ ভট্টাচাৰ্যই(AASU chief advisor Samujjal Bhattacharya) ৷

নলবাৰী, 30 ছেপ্টেম্বৰ: নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই নামনিলৈ ভাবুকি কঢ়িয়াই আনিব বুলি মন্তব্য ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ (AASU chief advisor Samujjal Bhattacharya)। গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান ইংৰাজী মাধ্যমত কৰোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধেও সৰৱ হ’ল আছুৰ মুখ্য উপদেষ্টাগৰাকী ৷

শুকুৰবাৰে নলবাৰীত উপস্থিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য (Samujjal Bhattacharya in Nalbari) । নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই নামনিৰ জনসাধাৰণলৈ ভাবুকি কঢ়িয়াই আশংকা পুনৰ ব্যক্ত কৰিলে ভট্টাচাৰ্যই ৷ অসমৰ বিশেষজ্ঞ সমিতি আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শক কেন্দ্ৰীয় চৰকাৰে আওকান কৰাৰ ফলতেই নামনিৰ ৰাইজৰ নিৰাপত্তা নোহোৱা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে ড৹ ভট্টাচাৰ্যই ৷

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পক নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবী

2000 মেগাৱাট সম্পন্ন বৃহৎ নদীবান্ধটোৰ(NHPC Lower Subansiri HE Project) নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে । নদীবান্ধটোৰ নামনি অংশৰ জনসাধাৰণক লৈ চৰকাৰে হেতালি খেলিব খোজা কাৰ্য সহ্য কৰা ন'হব বুলিও তেওঁ হুংকাৰ প্ৰদান কৰে । বিজ্ঞানৰ সত্যৰ সন্মুখীন হ'বলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সাহস নাই বুলি তীক্ষ্ন সমালোচনা কৰি সমুজ্জল ভট্টাচাৰ্যই কয় যে ছাত্ৰ সন্থা উন্নয়ন বিৰোধী নহয়, কিন্তু জনসাধাৰণৰ ক্ষতি কৰা বৃহৎ নদীবান্ধৰ বিৰোধী ।

ইফালে ৰাজ্যত চলি থকা মাধ্যম বিতৰ্কৰ সন্দৰ্ভতো তেওঁ‌ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । চৰকাৰক মাধ্যমত হাত নিদিবলৈ সকীয়নী প্ৰদান কৰে ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷ মাতৃভাষাতেই শিক্ষাদান কৰিবলৈ দাবী জনাই ইংৰাজী ভাষাটোও যাতে শিক্ষাৰ্থীয়ো ভালদৰে আয়ত্ব কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বন জনায় ৷ ব্যক্তিগত খণ্ডৰ দৰে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰো আন্তঃগাঁথনি তথা শিক্ষাদানৰ পদ্ধতি সলনি কৰিবলৈয়ো তেওঁ‌ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.