পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰক বীৰ-সেনানিসকলৰ জীৱন বৃত্তান্ত: ময়ূৰ বৰা

author img

By

Published : Sep 21, 2022, 10:23 AM IST

81st Swahid Divas celebrated in Nalbari

দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ-সেনানিসকলৰ জীৱন বৃত্তান্ত ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব পৰাকৈ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিব লাগে (Freedom fighter Mukunda Kakati) ৷ নলবাৰীৰ বৰভাগত আয়োজিত শ্বহীদ মুকুন্দ কাকতিৰ 81 সংখ্যক মৃত্যু তিথি অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰে লেখক ময়ূৰ বৰাই ৷

নলবাৰী, 21 ছেপ্টেম্বৰ : মঙলবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্বহীদসকলক স্মৰণ কৰি উদযাপন কৰা হয় শ্বহীদ দিৱস । নলবাৰীৰ বৰভাগ ৰনাকুছিস্থিত শ্বহীদ মুকন্দ কাকতি বিদ্যাপীঠত শ্বহীদ মুকুন্দ কাকতিক (Freedom fighter Mukunda Kakati) স্মৰণ কৰি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় 81 সংখ্যক শ্বহীদ দিৱস । উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখক তথা চিন্তাবিদ ময়ূৰ বৰা ৷

দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ-সেনানিসকলৰ জীৱন বৃত্তান্ত ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব পৰাকৈ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ দাবী লেখক ময়ূৰ বৰাৰ । 42 ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ মুকুন্দ কাকতিৰ 81 সংখ্যক মৃত্যু তিথি উপলক্ষে শ্বহীদগৰাকীৰ জন্মভূমি বৰভাগত অনুষ্ঠিত শ্বহীদ দিৱসত ভাগ লৈ এই মন্তব্য কৰে লেখকগৰাকীয়ে ।

পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰক বীৰ-সেনানিসকলৰ জীৱন বৃত্তান্ত : ময়ূৰ বৰা

আনহাতে, শ্বহীদসকলৰ জীৱনৰ আদৰ্শ উঠি অহা প্ৰজন্মক অৱগত কৰাৰ বাবে সাহিত্য সভাৰ লগতে বিভিন্ন দল-সংগঠনকো বিশেষ ভূমিকা ল’বলৈ আহ্বান জনায় (Martyr of Assam)। ইফালে ৰাজ্যত চলি থকা মাধ্যম বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লেখকগৰাকীয়ে ৷

তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ইংৰাজী ভাষাত পাঠদানৰ সিদ্ধান্ত চৰকাৰক বাতিল কৰিবলৈ দাবী জনাই লেখক ময়ূৰ বৰাই ৷ উল্লেখ্য যে, শ্বহীদ মুকুন্দ কাকতি বিদ্যাপীঠ হাইস্কুলৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত শ্বহীদ দিৱসত শ্বহীদ মুকুন্দ কাকতিৰ ভতিজাক গৌৰীকান্ত কাকতিকো সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক : শিক্ষকৰ প্ৰতিবাদত কঁপিল ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় চৌহদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.