Viral Photo : আধুনিক শ্ৰৱণ কুমাৰৰ ৰূপত ৰহাৰ 5 বছৰীয়া ৰাহুল

author img

By

Published : Aug 6, 2022, 9:21 PM IST

Viral blind family in Nagaon

আজিৰ শ্ৰৱণ কুমাৰ ৷ মাত্ৰ পাঁচ বছৰ বয়সতে দৃষ্টিহীন পিতৃ-মাতৃৰ কণাৰ লাখুটি হৈছে ৰাহুল ৷ বিগত কিছুদিন ধৰি ভাইৰেল সামাজিক মাধ্যমত হৈছে দৃষ্টিহীন পিতৃ-মাতৃক আঙুলিত ধৰি জীৱনৰ বাট দেখুৱা এখন হৃদয়স্পৰ্শী ছবিয়ে (Viral blind family in Nagaon) ৷

নগাঁও/ ৰহা, 6 আগষ্ট : বিগত কেবাদিন ধৰি সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত এখন ছবি ৷ এটি কণমানিয়ে দৃষ্টিহীন পিতৃ-মাতৃক আঙুলিত ধৰি দেখুৱাইছে জীৱনৰ বাট ৷ যি দৃশ্যই হৃদয় চুই গৈছে বহুতৰে (Viral blind family in Nagaon) ৷ তেওঁ যেন আজিৰ যুগৰ শ্ৰৱণ কুমাৰ ৷ ৰহাৰ 5 বছৰীয়া এই শিশুটিৰ নাম ৰাহুল হীৰা ৷ এই দৃষ্টিহীন পৰিয়ালটো নগাঁও জিলাৰ ৰহাৰ দীঘলদৰিৰ । এই পাঁচবছৰীয়া কণমানিয়েই হৈছে পৰিয়ালটোৰ শেষ ভৰষা ।

Viral blind family in Nagaon
আধুনিক শ্ৰৱণ কুমাৰৰ ৰূপত ৰহাৰ 5 বছৰীয়া ৰাহুল

জন্মৰ সাত বছৰ বয়সতে দৃষ্টি শক্তি হেৰুৱাইছিল ভগেন হীৰাই ৷ তাৰ পাচৰ পৰাই আনৰ আশ্ৰয় লৈ চলা-ফুৰা কৰিব লগাত পৰিছিল ৷ সময় বাগৰিল ৷ ভগেন হীৰাই পাণি গ্ৰহণ কৰিছিল দৃষ্টিহীন কেতেকী বনিয়াৰ ৷ তাৰ পাচতেই যেন ভগৱানৰ দূত হৈ তেওঁলোকৰ জীৱনলৈ আহিল ৰাহুল ৷

আধুনিক শ্ৰৱণ কুমাৰৰ ৰূপত ৰহাৰ 5 বছৰীয়া ৰাহুল

দৃষ্টিহীন এই পাঁচজনীয়া পৰিয়ালটোৰ একমাত্ৰ ভৰষা তেওঁলোকৰ পাঁচ বছৰীয়া পুত্ৰ সন্তান ৰাহুল হীৰা । ৰাহুলৰ হাতত ধৰিয়ে ঘৰৰ পৰা ওলাই যাবলগীয়া হয় পৰিয়ালটো । ৰাহুলৰ চকুৰে পৃথিৱী দেখিছে দৃষ্টিহীন পিতৃ-মাতৃয়ে । কি দৰে পিতৃ মাতৃক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লৈ যায়, সেই কথা ব্যক্ত কৰিছে কণমানি ৰাহুলে ।

ৰে’লৰ অন্য যাত্ৰীৰ সহায়ত ষ্টেচনবোৰ চিনাক্ত কৰে কণমানিটোৱে । ভগেন হীৰাৰ পৰিয়ালে সংবাদমাধ্যমৰ যোগেদি কিঞ্চিৎ সহায় বিচাৰিছে ৰাইজৰ পৰা ৷

লগতে পঢ়ক : Wooden house in Majuli : অসমৰ সোণালী ইতিহাস বিজড়িত দুশবছৰ গৰকা এটা বিশেষ কাঠৰ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.