তীব্ৰ যানজঁটে ত্ৰাহিমধুসূদন সুঁৱৰালে পৰীক্ষাৰ্থীক

author img

By

Published : Aug 28, 2022, 5:31 PM IST

Updated : Aug 28, 2022, 6:06 PM IST

traffic jam at Kaliabor

দেওবাৰে কলিয়াবৰৰ ৰাজপথত ভাবিব নোৱৰা ধৰণে বৃদ্ধি হ’ল যানজঁট (Traffic jam at Kaliabor)৷ বিশেষকৈ কলিয়াবৰৰ চুলুঙত পুৱাৰ ভাগত হোৱা তীব্ৰ যানজঁটে ত্ৰাহিমধুসূদন সুৱঁৰালে পথাচাৰিৰ লগতে শ শ পৰীক্ষাৰ্থীক ৷

কলিয়াবৰ, 28 আগষ্ট : আজি অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’ল অসম চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষা ৷ এটা চাকৰিৰ বাবে দৌৰি আহিল বহু হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশী ৷ কিন্তু পুৱাই পৰীক্ষা দিবলৈ আহি বিমোৰত পৰিল শতাধিক পৰীক্ষাৰ্থী ৷ কিয়নো ৰাজপথত অভাৱনীয় হাৰত বৃদ্ধি হ’ল যানজঁট (Traffic jam at Kaliabor) ৷

তীব্ৰ যানজটে ত্ৰাহিমধূসুধন খোৱালে তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীক

বিশেষকৈ কলিয়াবৰৰ চুলুঙত পুৱাৰ ভাগত হোৱা তীব্ৰ যানজঁটে ত্ৰাহিমধুসূদন সুৱঁৰালে পথাচাৰিক ৷ তথ্য অনুসৰি, আজি চুলুঙৰ ৰাজপথত আবদ্ধ হৈ পৰা শতাধিক যান-বাহনেই হৈছে পৰীক্ষাৰ্থীৰ ৷ এই পৰীক্ষাৰ্থীসকল আহিছিল তেজপুৰৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষা দিবলৈ ৷ এফালে আজি মুষলধাৰ বৰষুণৰ ৷ আনফালে কলিয়াভোমোৰা সেঁতুৰ ওপৰত সৃষ্টি হোৱা যানজঁট ৷

ইয়াৰ মাজত সুকলমে অনুষ্ঠিত হ’ল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা ৷

Traffic jam at Kaliabor
তীব্ৰ যানজটে ত্ৰাহিমধূসুধন খোৱালে পথাচাৰিৰ লগতে শ শ পৰীক্ষাৰ্থীক

অৱশ্যে একাংশই সামাজিক মাধ্যমযোগে পৰীক্ষাৰ্থীয়ে ধেমালিৰ চলেৰে উজাৰিলে ক্ষোভ ৷ উল্লেখ্য যে, আজি তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ 8,52,181 গৰাকী শিক্ষিত যুৱক-যুৱতী (Assam Grade 3 recruitment written exam)৷

Traffic jam at Kaliabor
দেওবাৰে ৰাজপথত অভাৱনীয় হাৰত বৃদ্ধি হ’ল যানজট

যোৱা 21 আগষ্টত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত দেওবাৰেও অনুৰূপ নিৰাপত্তা বেষ্টনীৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে যো-জা চলাইছিল ৰাজ্য চৰকাৰে (Assam recruitment exam 2022)৷ 21 আগষ্টৰ দৰেই 28 আগষ্টৰ পৰীক্ষাত নিষিদ্ধ কৰা হ’ল ম’বাইল ফোনৰ লগতে সকলো ইলেক্ট্ৰনিক সামগ্ৰী (Internet ban during exam hour)৷

প্ৰতিগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কৰা হ’ল তন্ন-তন্নকৈ ৷ ইফালে যানজঁটৰ বাবে যাতে কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলত উপস্থিত হোৱাত পলম নহয় তাৰ প্ৰতিও আগতীয়াকৈ জনাই দিয়া হৈছিল ৷ কিন্তু ইমানৰ পাচতো দেওবাৰে পুৱাৰ ভাগত দেখা গৈছিল এক অভূতপূৰ্ব পৰিস্থিতি ৷

লগতে পঢ়ক : পৰীক্ষাৰ্থীক কলম-চকলেট যাঁচি শুভেচ্ছা আৰক্ষীৰ

Last Updated :Aug 28, 2022, 6:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.