Assam Orunodoi Scheme: ঘৰত ফ্ৰীজ, চাৰিচকীয়া বাহন থাকিলে নাপাব অৰুণোদয়ৰ সুবিধা

author img

By

Published : Aug 3, 2022, 4:26 PM IST

Assam Orunodoi Scheme

এতিয়াৰ পৰা ঘৰত ফ্ৰীজ, চাৰিচকীয়া বাহন আদি থকা পৰিয়াল অন্তৰ্ভূক্ত নহ’ব অৰুণোদয় আঁচনিত(Assam Orunodoi Scheme) ৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ পৰীক্ষণ আৰু পুনৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে ছাত্ৰ সমাজক ৷

নগাঁও, 3 আগষ্ট: এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ অধীনত নাথাকিব কোনো ধনী পৰিয়ালৰ নাম । যোগ্য পৰিয়ালহে অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত । বুধবাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী পৰীক্ষণ আৰু পুনৰীক্ষণৰ প্ৰশিক্ষণ শিবিৰ উদ্ধোধন কৰি সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে (Finance minister Ajanta Neog)।

ঘৰত ফ্ৰীজ, চাৰিচকীয়া বাহন আদি থাকিলে বঞ্চিত হ’ব অৰুণোদয় আঁচনিৰ পৰা

নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী অজন্তা নেওগৰ মন্তব্য- ‘‘অৰুণোদয় আঁচনিয়ে মহিলা সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । অৰুণোদয় আঁচনিত বহু ধনী পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । যাৰ বাবে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ পৰীক্ষণ আৰু পুনৰীক্ষণৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এতিয়াৰ পৰা ঘৰত ফ্ৰীজ, চাৰিচকীয়া বাহন আদি থকা পৰিয়ালে নাপাব অৰুণোদয় আঁচনি ।’’

বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ধনী পৰিয়ালৰ নাম কৰ্তন কৰি প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভূক্তিৰ বাবে পুনৰীক্ষণ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে । এই গুৰু দায়িত্ব প্ৰদান কৰা হৈছে যুৱ ছাত্ৰ সমাজক । ছাত্ৰ সমাজে যোগ্য হিতাধিকাৰী বাছনি কৰাটোও এক দেশপ্ৰেম বুলি মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে (Orunodoi scheme verification by students)।

ইপিনে চৰকাৰে ঘোষণা কৰা এক লাখ নিযুক্তি প্ৰক্ৰিয়াৰ কামো পূৰ্ণগতিত চলি থকাৰ কথাও উল্লেখ কৰে বিত্তমন্ত্ৰী তথা নিযুক্তি বৰ্ডৰ অধ্যক্ষা অজন্তা নেওগে । অতি শীঘ্ৰেই এক লাখ নিযুক্তি সম্পন্ন হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে (Ajanta Neog on one Lakh job assurance)।

অৰুণোদয় আঁচনিৰ হিতাধিকাৰী পৰীক্ষণ আৰু পুনৰীক্ষণৰ প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপক আদৰণি জনায় ৰহা সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে । জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ উপস্থিত থাকে ।

লগতে পঢ়ক: 5 % DA for govt employees: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.