Social worker Abdul Majid Farooq: অৱসৰপ্ৰাপ্ত কৰ বিষয়া তথা সমাজকৰ্মী আব্দুল মজিদ ফাৰুকীৰ মৃত্যু

Social worker Abdul Majid Farooq: অৱসৰপ্ৰাপ্ত কৰ বিষয়া তথা সমাজকৰ্মী আব্দুল মজিদ ফাৰুকীৰ মৃত্যু
অৱসৰপ্ৰাপ্ত কৰ বিষয়া , বিশিষ্ট সমাজকৰ্মী, আব্দুল মজিদ ফাৰুকীৰ পৰলোকপ্ৰাপ্তি । আব্দুল মজিদ ফাৰুকীৰ মৃত্যুত বিধায়ক ৰূপক শৰ্মাৰ শোক প্ৰকাশ । সমাজৰ বিভিন্ন কামৰ সৈতে জড়িত ফাৰুকীৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ (Retired tax officer faruki no more)।
নগাঁও, 25 জানুৱাৰী : নগাঁওত শোকৰ ছাঁ ৷ নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত কৰ বিষয়া আব্দুল মজিদ ফাৰুকী আৰু নাই (Retired tax officer faruki no more)। নগাঁও চহৰৰ ভূঞাপট্টি নিবাসী অৱসৰপ্ৰাপ্ত কৰ বিষয়া আব্দুল মজিদ ফাৰুকী মঙলবাৰে নিশা ১১.২০ মান বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়লৈকে আব্দুল মজিদ ফাৰুকী সংখ্যালঘু সংগঠন সমূহৰ সমন্বয় ৰক্ষী সমিতি নগাঁও জিলাৰ সভাপতিৰ দায়িত্বত আছিল (Coordination Committee of Minority Organizations)
ইয়াৰ লগতে নেলী ডেভেলপমেন্ট কমিটিৰ অন্যতম সদস্য, ফালাহ গ্ৰুপ অফ ইনষ্টিটিউটছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অন্যতম সক্ৰিয় ব'ৰ্ডৰ সদস্য, নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল সদ্য প্ৰয়াত আব্দুল মজিদ ফাৰুকী । সমাজৰ বিভিন্ন কামৰ সৈতে জড়িত অৱসৰপ্ৰাপ্ত কৰ বিষয়া আব্দুল মজিদ ফাৰুকীৰ মৃত্যুৰ বাতৰিয়ে গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ নগাঁও জিলাত ।
অৱসৰপ্ৰাপ্ত কৰ বিষয়াগৰাকীৰ মৃত্যুত স্থানীয় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা (MLA Rupak sarma), সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু (All Assam Minority Students Union), নগাঁৱৰ শিক্ষানুষ্ঠান ফালাহ গ্ৰুপ অফ ইনষ্টিটিউটকে ধৰি বিভিন্ন দল সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে (Abdul majid Faruki is no more) ৷
লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে বিভিন্ন দল-সংগঠনৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে । মঙলবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটা সমাজকৰ্মী আব্দুল মজিদ ফাৰুকীৰ জানাজা ধৰ্মীয় পৰম্পৰাৰে বুধবাৰে বিয়লি ২.৩০ বজাত ভূঞাপট্টি কবৰস্থানত অনুষ্ঠিত কৰা হ'ব বুলি পৰিয়ালৰ লোকৰ সূত্ৰে জানিব পৰা গৈছে ।
লগতে পঢ়ক : Poor transportation and electricity systems: লখিমপুৰ চহৰৰ গাতে লাগি থকা উন্নয়নৰ মুখ নেদেখা এখন গাঁও
