Bridge on Kapili collapsed during construction: নিৰ্মাণ সম্পূৰ্ণ নহওতেই দলং ভাঙি পৰাক লৈ প্ৰতিক্ৰিয়া
Published: Mar 18, 2023, 12:16 PM


Bridge on Kapili collapsed during construction: নিৰ্মাণ সম্পূৰ্ণ নহওতেই দলং ভাঙি পৰাক লৈ প্ৰতিক্ৰিয়া
Published: Mar 18, 2023, 12:16 PM
নগাঁৱৰ কামপুৰত নিৰ্মীয়মান আৰ চি চি দলং ভাঙি পৰাক লৈ ক্ষোভিত জ্বলিছে কামপুৰবাসী । প্ৰতিবাদমুখৰ হৈ পৰিছে কামপুৰ । ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপন হৈছে নিম্নমানৰ কামেৰে দলং নিৰ্মাণৰ ধন লুণ্ঠনৰ চেষ্টা চলোৱাৰ অভিযোগ(RCC bridge collapses in Kampur) । কিন্তু ভাঙি যোৱা দলং নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰক ৰক্ষণাবেক্ষণৰ চেষ্টা বিভাগীয় কৰ্তৃপক্ষৰ ।
কামপুৰ,১৮ মাৰ্চ: দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ নৌহওতেই এখন আৰ চি চি দলং ভাঙি পৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে নগাঁৱৰ কামপুৰত(RCC bridge collapses in Kampur) । কামপুৰবাসীৰ দীৰ্ঘদিনীয়া এক সমস্যাৰ সমাধানৰ উদ্দেশ্যেই কামপুৰৰ কঁপিলী নৈৰ ওপৰত এখন আৰ চি চি দলং নিৰ্মাণৰ আঁচনি হাতত লৈছিল চৰকাৰে । দলংখন নিৰ্মাণৰ বাবে বিভাগীয় প্ৰাককলন প্ৰস্তুত আৰু অনুমোদনৰ পিছত চৰকাৰে ২০ কোটিৰো অধিক টকা আবন্টন দিয়ে ।
দলংখন নিৰ্মাণৰ ঠিকা লাভ কৰে নগাঁৱৰ এটা প্ৰতিষ্ঠিত ঠিকাদাৰ প্ৰতিষ্ঠানে । বিভাগীয় নিৰ্দেশ অনুযায়ী কামপুৰৰ কঁপিলী নৈৰ ওপৰত দলং নিৰ্মাণৰ কাম আৰম্ভও কৰিছিল ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে । সেইখিনিলৈ সকলো ঠিকেই আছিল । পিছে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহওতেই বৃহস্পতিবাৰে নিৰ্মীয়মান অৱস্থাত থকা দলংখন হঠাৎ ভাঙি পৰে(Bridge on Kapili collapsed during construction) । যাক লৈ বিগত তিনিদিনে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে নগাঁৱৰ বৃহত্তৰ কামপুৰ অঞ্চলত(Protest over RCC bridge collapse) ।
দলং নিৰ্মাণ কৰা ঠিকাদাৰ আৰু লোকনির্মাণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে কামপুৰবাসী । নিৰ্মীয়মান আৰ চি চি দলং ভঙাক লৈ কামপুৰবাসী ক্ষোভিত জ্বলি থকা সময়ত ঠিকাদাৰ প্ৰতিষ্ঠানক একপ্ৰকাৰ ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছে নগাঁও লোকনির্মাণ বিভাগে(Reaction over RCC bridge collapse) । দলং ভঙাক লৈ লোকনির্মাণ বিভাগৰ নগাঁও ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিতেন কলিতাই সম্পূৰ্ণ নিয়ম অনুযায়ীয়েই দলং নিৰ্মাণৰ কাম চলি থকা বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ সন্মুখত ।
ঠিকাদাৰ বিৰুদ্ধে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি দলং নিৰ্মাণৰ কাম কৰাৰ অভিযোগ উঠাৰ সময়ত সঠিক সামগ্ৰীৰে দলং নিৰ্মাণৰ কাম চলি থকা বুলি মন্তব্য কৰি দলং ভঙাটো দুৰ্ভাগ্যজনক বুলিহে অভিহিত কৰিলে বিভাগীয় অভিযন্তাগৰাকীয়ে । স্মৰ্তব্য যে বিভাগীয় বিষয়া, অভিযন্তাৰ বিৰুদ্ধেও নিৰ্মীয়মান দলংখনৰ সঠিক পৰ্যবেক্ষণ নকৰাৰো অভিযোগ উত্থাপন হৈছে । ইফালে কামপুৰৰ নিৰ্মীয়মান দলং ভঙা কাৰ্যক সঠিক তদন্তৰ নিৰ্দেশ দিছে নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।
