অবৈধ পাহাৰ খননৰ বিৰুদ্ধে সৰৱ বীৰ লাচিত সেনা

author img

By

Published : Oct 1, 2022, 11:36 AM IST

protest against illegal hill mining in samaguri

চামগুৰিৰ ননৈ পানীমৰা পাহাৰৰ অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বীৰ লাচিত সেনাই(Lachit Sena Protest in Samaguri) । RS গান্ধী ক্ৰেছাৰে দীৰ্ঘদিনে খনন কাৰ্য চলাই থকাৰ অভিযোগ বীৰ লাচিত সেনা তথা স্থানীয় ৰাইজৰ(Illegal hill mining in samaguri) ।

চামগুৰি,১ অক্টোবৰ: চামগুৰিৰ ননৈ পানীমৰা পাহাৰৰ অবৈধ খননৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ নেতৃত্বত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী(Lachit Sena Protest in Samaguri) । RS গান্ধী ক্ৰেছাৰে দীৰ্ঘদিনে খনন কাৰ্য চলাই থকাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে(Gandhi Crusher accused of illegally digging hills) । এই ক্ৰেছাৰৰ বাবেই এটা পথো বিধ্বস্ত হৈ পৰাৰ অভিযোগো উত্থাপন কৰে স্থানীয় ৰাইজে(Illegal hill mining in samaguri) ।

স্থানীয় লোকৰ অভিযোগ অনুসৰি চামগুৰিৰ পৰা বৰজুৰি সংযোগী পথচোৱা সম্পুৰ্ণৰূপে বিধ্বস্ত হোৱাৰ একমাত্ৰ কাৰণ হৈছে গান্ধী ক্ৰেছাৰ । যাৰফলত স্থানীয় ৰাইজে বহুতো সমস্যাৰ সম্মুখীন হ'বলগীয়া হৈছে । যধেমধে ব্লাষ্টিং কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীকে আদি কৰি বাগিচাত কাম কৰা শ্ৰমিকসকললৈও ভাবুকি কঢ়িয়াই আনিছে এই ক্ৰেছাৰটোৱে ।

অবৈধ পাহাৰ খননৰ বিৰুদ্ধে সৰৱ বীৰ লাচিত সেনা

লগতে বীৰ লাচিত সেনাৰ বিষয়ববীয়া সকলে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয় যে আঠখনখন গাঁৱৰ প্ৰায় ১০০ জনৰো অধিক লোকে এই ক্ৰেছাৰসমূহ বন্ধ কৰাৰ দাবীৰে এক আবেদনত স্বাক্ষৰ কৰি বীৰ লাচিত সেনাৰ নগাঁৱৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল যোৱা ২২ ছেপ্টেম্বৰ তাৰিখে । এই আবেদনৰ ভিত্তিতে বীৰ লাচিত সেনাই এই ক্ৰেছাৰটো বন্ধ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলে ।

লগতে পঢ়ক: ডিফুত প্ৰধানমন্ত্ৰীৰ জীৱন দৰ্শনৰ আলোকপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.