কাৰাগাৰলৈ আনোতেই পলায়নৰ চেষ্টা চোৰৰ; গুলীয়ালে আৰক্ষীয়ে

author img

By

Published : Sep 23, 2021, 3:35 PM IST

fleeing-thief-injured-in-police-firing

দুৰ্নীতিমুক্ত অসম গঢ়াৰ বাবে যেন সংকল্পবদ্ধ অসম আৰক্ষী ৷ অপৰাধীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ হৈছে আৰক্ষী ৷ অপৰাধ যিয়েই নহওক কিয়, সাৰি যাব নোৱাৰিব অপৰাধী ৷ চুৰি কৰিলেও সাৰি যাব নোৱাৰিব অপৰাধী ৷

নগাঁও, 23 ছেপ্টেম্বৰ : ৰাজ্যত অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ বিশেষকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত অধিক সক্ৰিয় হৈ পৰিছে আৰক্ষী ৷ প্ৰয়োজন সাপেক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে এনকাউন্টাৰৰ দৰে পদক্ষেপো গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে অসম আৰক্ষীৰ এই পদক্ষেপ সমগ্ৰ দেশজুৰি চৰ্চিত হৈছে ৷ বুধবাৰে নগাঁৱত পুনৰ সংঘটিত হয় এনে এক ঘটনা ।

নগাঁৱত চিলনী চোৰলৈ আৰক্ষীৰ গুলিচালনা

হোজাই জিলা আৰক্ষীৰ গুলীত বুধবাৰে সন্ধিয়া আহত হয় পশ্চিমবংগৰ এটা চিলনী চোৰ । হোজাইৰ এজন লোকৰ পৰা ৫০ হাজাৰ টকা লুট কৰি পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ হাতত আটক হয় চোৰটো ৷ আটকাধীন চোৰটো পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ ৰাজীৱ গোৱালা বুলি জানিব পৰা হৈছে ৷

ৰাজীৱ গোৱালাৰ পৰা আৰক্ষীয়ে নগদ ধনো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত ধৃত চোৰটোক আৰক্ষীয়ে হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাই নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে । কিন্তু ডবকা পোৱাৰ পিছতেই ধৃত চোৰটোৱে পলায়নৰ চেষ্টা কৰে ।

লগে লগে আৰক্ষীয়েও চোৰটোক লক্ষ্য কৰি গুলীচালনা কৰে । আৰক্ষীৰ গুলীত আহত হয় ৰাজীৱ গোৱালা । ভৰিত গুলীবিদ্ধ চিলনী চোৰক পাছত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

লগতে পঢ়ক : ডিম্পল হত্যাকাণ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.