প্ৰধানমন্ত্ৰীৰ জন্মদিনক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : Sep 17, 2021, 7:00 PM IST

প্ৰধানমন্ত্ৰীৰ জন্মদিনক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ

শুকুৰবাৰে দেশজুৰি বিজেপি দলে পালন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ । এই দিনটোত দহ লাখৰো অধিক লোকক ভেকচিন প্ৰদানৰ লক্ষ্য চৰকাৰৰ । অসমত এক কোটি ৮০ লাখ লোকে গ্ৰহণ কৰিছে প্ৰথম পালি ক’ভিড ভেকচিন । নগাঁৱত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷

নগাঁও, 17 ছেপ্তেম্বৰ : বিজেপি দলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ২০ দিনীয়াকৈ আয়োজন কৰাক লৈ কোনেও যাতে ৰাজনীতি নকৰে । দেশৰ প্ৰধানমন্ত্ৰীক জন্মদিনত শুভেচ্ছা জনোৱাটো সকলোৰে বাবে মংগল । শুকুৰবাৰে নগাঁৱৰ কেবাটাও ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

প্ৰধানমন্ত্ৰীৰ জন্মদিনক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ

হাজৰিকাই কয় যে, প্ৰধানমন্ত্ৰীৰ জন্মদিন আৰু ভেকচিন দুটা বেলেগ বিষয় । ভেকচিন প্ৰদান প্ৰক্ৰিয়া অসম চলিয়েই আছে । অৱশ্যে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে ভেকচিন প্ৰদানৰ ক্ষেত্ৰত বিজেপি নেতা কৰ্মীয়ে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক সহায় কৰিছে ।

লগতে পঢ়কঃ কেমেৰাৰ সন্মুখতে ৰূপজ্যোতি কুৰ্মীৰ গালত চৰ !

শুকুবাৰৰ দিনটোত ৰাজ্যৰ দহ লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য কৰি লোৱা বুলি মন্তব্য কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই । ৰাজ্য চৰকাৰৰ তৎপৰতাত অসমত এই পৰ্যন্ত এক কোটি ৮০ লাখ লোকক প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে ।

ভেকচিন প্ৰদানৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যত ক'ভিড ১৯ ত মৃত্যুৰ সংখ্যা হ্ৰাস পোৱা বুলিও উল্লেখ কৰি সকলোকে ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকাই । লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰদক্ষেপ অনাগতদিনটো চলাই যাব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

লগতে পঢ়কঃ ৫ খন অত্যাধুনিক জাহাজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.