নগাঁৱত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ প্ৰতিবাদ

author img

By

Published : Sep 22, 2022, 4:53 PM IST

Protest

মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত নগাঁৱত ৪ টাকৈ বিৰোধী দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Opposition party protest in Nagaon)। অভিযোগ অনুসৰি ৰাইজৰ সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ । নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দাবী ।

নগাঁও,২২ ছেপ্টেম্বৰ : 'মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত স্বেচ্ছাচাৰী শাসন চলাইছে । অসমত মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলিছে হিটলাৰী শাসন ।' এই অভিযোগ বিৰোধীৰ । বৃহস্পতিবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত চিপিআই, চিপিআই(এম) লগতে কংগ্ৰেছ দলে একত্ৰিতভাৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে (Opposition party protest against BJP govt)।

বিজেপি শাসিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শাসনকালত মূল্যবৃদ্ধিয়ে (Price hike) সাধাৰণ লোকক কোঙা কৰিছে বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে । আনকি সাধাৰণ নাগৰিকৰ ওপৰত অত্যাধিক কৰৰ বোজা জাপি দিয়াৰো অভিযোগ উত্থাপন কৰিছে বিৰোধী দলৰ নেতাসকলে । ইফালে এই প্ৰতিবাদৰ জৰিয়তে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নিযুক্তি কেলেংকাৰী (Recruitment scam in Assam) সন্দৰ্ভত উত্থাপিত অভিযোগৰ তদন্তৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

নগাঁৱত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ প্ৰতিবাদ

সমান্তৰালকৈ অত্যাধিক বিদ্যুৎ মাচুল আৰু বৰ্দ্ধিত পৌৰ কৰ হ্ৰাস কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদত অংশ লৈ বিৰোধী দলৰ নেতাসকলে কয় যে বিজেপি চৰকাৰৰ দিনত নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছে । সেয়ে গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত আন্দোলন কৰিবলৈ ওলাই অহা বুলি বিৰোধী নেতাসকলে দাবী কৰে ।

অসম আৰক্ষীৰ এনকাউণ্টাৰ প্ৰসংগতো সোচ্ছাৰ হৈ পৰে বিৰোধী নেতাসকল । প্ৰতিবাদৰ অন্তত বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, বিদ্যুতৰ মাচুল বৃদ্ধিকে কেইবাটাও বিষয়ক লৈ শেহতীয়াকৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । অসমৰ নিযুক্তি কেলেংকাৰী বিষয়ক লৈও প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্য । ইয়াৰ মাজতে বিৰোধীৰ এই একত্ৰিত প্ৰতিবাদে কিবা প্ৰভাৱ পেলাব পাৰিব নে সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন । ইফালে বিৰোধীৰ দাবী মানি নল'লে আগন্তুক দিনত এনেদৰে একত্ৰিতভাৱে বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলন কৰিব বুলিও হুংকাৰ দিছে ।

লগতে পঢ়ক :"উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ প্ৰয়োজন আছে"-কিৰেণ ৰিজিজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.