নগাঁৱত গ্ৰেপ্তাৰ 22 টাকৈ মাটিৰ দালাল

author img

By

Published : Sep 21, 2021, 8:56 PM IST

নগাঁৱত গ্ৰেপ্তাৰ 22 টাকৈ মাটিৰ দালাল

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁৱতো মুখ্যমন্ত্ৰীৰ নিৰ্দেশত 22 টাকৈ মাটিৰ দালাল আৰক্ষীৰ জালত পৰিছে ৷ জানিব পৰা মতে আৰু অধিক দালাল আৰক্ষীৰ জালত পৰা সম্ভাৱনা আছে ৷

নগাঁও,21 ছেপ্তেম্বৰ : দীর্ঘদিন ধৰি মাটি কিনা বেচাৰ পৰা আৰম্ভ কৰি মাটিৰ নামজাৰীলৈকে দালালৰ এক বৃহৎ বজাৰ চলি আহিছিল ৰাজ্যৰ চক্ৰ বিষয়া আৰু পঞ্জীয়কৰ কাৰ্যালয়ত । কিন্তু শেহতীয়াকৈ সাধাৰণ লোকক হাৰাশাস্তি কৰি দালালৰাজ অব্যাহত ৰখা মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গাদীত বহা ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

নগাঁৱত গ্ৰেপ্তাৰ 22 টাকৈ মাটিৰ দালাল

একে নিশাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অভিযান চলালে অসম আৰক্ষীয়ে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো আৰক্ষীয়ে অভিযান চলালে মাটিৰ দালালৰ বিৰুদ্ধে । নগাঁও আৰক্ষীয়ে অভিযান চলাই 22 টাকৈ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । একেদৰে আদালতত হাজিৰ কৰোৱাৰ পাছতে 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মাটিৰ দালাল কেইজনৰ ভিতৰত আছে জিলা খনৰ ৰূপহীহাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ ৰানা বৰা আৰু একেটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ দুজনকৈ চৰকাৰী গাঁওবুঢ়া ক্ৰমে ৰঞ্জিত ভূঞা আৰু নজৰুল ইছলামকো মাটিৰ দালালি কৰাৰ অভিযোগত নগাঁও আৰক্ষী গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়কঃ চৰ-চাপৰিৰ লোকৰ বাবে OBC ৰ মৰ্যদা : সাংসদ আব্দুল খালেকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান মুখ্যমন্ত্রীৰ

উল্লেখযোগ্য যে, ৰাণা বৰা ৰূপহীহাট ৰাজহ চক্ৰৰ পূৰ্বৰ চক্ৰ বিষয়া দর্শনা চেতিয়াৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদতে মাটি বাৰী নামজাৰীৰ নামত বৃহৎ বজাৰ আৰম্ভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে । দালাল অবিহনে মাটি-বাৰীৰ কোনো কামেই সম্ভৱ নহয় বুলিও অভিযোগ কৰিছে একাংশ ভুক্তভোগীয়ে ।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো ক্ষেত্ৰৰ দালাল চক্ৰৰ বিৰুদ্ধে সৰব হৈ পৰাৰ পাছতে অসম আৰক্ষীৰ তৎপৰতা বৃদ্ধি পাইছে আৰু ব্যাপক অভিযান চলাই আছে । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰু বহু সংখ্যক মাটি দালালক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ।

এতিয়া প্ৰশ্ন হয় চক্ৰ বিষয়া অথৱা বিভাগীয় কোনো লোক জড়িত নথকাকৈ কেনেকৈ সম্ভৱ দালালৰ এই বৃহৎ বজাৰ ৷ আটক হোৱা দালালক প্ৰশ্ৰয় দিয়া বিষয়া কৰ্মচাৰীক আটক কৰি সাহস দেখুৱাব পৰিব নে আৰক্ষীয়ে ৷ নে দালালক আটক কৰিয়েই বাঃ বাঃ ল'ব আৰক্ষী তথা চৰকাৰে ৷

লগতে পঢ়কঃ নদী সংযোগেৰে উত্তৰ-পূৱৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপন হ’ব বাংলাদেশৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.