Cannabis seized at Kaliabor: কলিয়াবৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজনক আটক

author img

By

Published : Jul 31, 2022, 10:35 AM IST

Ganja Trader arrested with Cannabis by Kaliabor police

শনিবাৰে নিশা জখলাবন্ধা আৰক্ষীয়ে চলোৱা এক তালাচীত ‘তনুজ’ নামৰ এখন নৈশ বাছত গাঞ্জা জব্দ কৰে (Cannabis seized at Kaliabor) ৷ গুৱাহাটীৰ পৰা জাগুন অভিমুখী বাছখনৰ পৰা জব্দ কৰা গাঞ্জাখিনিৰ ওজন ১৬ কেজি ৫৪০ গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

কলিয়াবৰ, 31 জুলাই : শনিবাৰে সমগ্ৰ দেশতে আৰক্ষী তথা নাৰ্কটিক্স ব্যুৰ’ৱে (Narcotics Control Bureau) বিভিন্ন সময়ত বিভিন্ন স্থানত জব্দ কৰা নিচাযুক্ত দ্ৰৱ দাহন তথা বিনষ্ট কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে (Seized Drugs burnt all over India) । গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশক্ৰমে প্ৰতিখন ৰাজ্যতে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অংশ হিচাপে অসমত নিচাযুক্ত দ্ৰৱসমূহ ৰাজহুৱাভাৱে বিনষ্ট কৰা হৈছে (Home Ministry initiative to disposed seized drugs) । ইয়াৰ মাজতে কলিয়াবৰত আৰক্ষীয়ে অভিযান চলাই এখন নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে (Cannabis seized at Kaliabor) ৷

কলিয়াবৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজনক আটক

শনিবাৰে নিশা জখলাবন্ধা আৰক্ষীয়ে চলোৱা এক তালাচীত ‘তনুজ’ নামৰ এখন নৈশ বাছত গাঞ্জা জব্দ কৰে ৷ গুৱাহাটীৰ পৰা জাগুন অভিমুখী বাছখনৰ পৰা জব্দ কৰা গাঞ্জাখিনিৰ ওজন ১৬ কেজি ৫৪০ গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ লগতে গাঞ্জা সৰবৰাহত জড়িত দুজন লোকক আটক কৰে আৰক্ষীয়ে (Ganja Trader arrested by Jakhalabandha police) ৷ আটকাধীন গাঞ্জা সৰবৰাহকাৰী দুজন ডিব্ৰুগড়লৈ বুলি নৈশ বাছখনত উঠিছিল বুলি চালকে জনায় ।

সৰবৰাহকাৰী দুজন মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জিয়াৰুদ্দিন আৰু চাদ্দাম হুচেইন বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, শনিবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত নিচাযুক্ত দ্ৰৱসমূহ ৰাজহুৱাভাৱে বিনষ্ট কৰা হৈছে ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে হোজাই জিলাত জিলা প্ৰশাসনৰ উদ্যোগত বিগত সময়ছোৱাত হোজাই জিলা আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ দাহন তথা বিনষ্ট কৰা হয় (Drugs disposed in Hojai) ।

লগতে ডিফুতো কাৰ্বি আংলং আৰক্ষী প্ৰশাসনৰ উদ্যোগত প্ৰায় প্ৰায় ২ কোটি ৭২ লাখ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী দাহ কৰা হয়(Drugs Disposal in Diphu) ৷ সামন্তৰালভাৱে বিগত ছয় মাহত বৰপেটাৰ বিভিন্ন স্থানত অভিযান চলাই বৰপেটা আৰক্ষীয়ে জব্দ কৰা নিচাযুক্ত সামগ্ৰী, ড্ৰাগছ আৰু গাঞ্জাসমূহ আনুষ্ঠানিকভাৱে দাহন কৰা হয় (Barpeta police burnt Drugs) ৷

লগতে পঢ়ক: Drugs Disposal at Diphu: ডিফুত ২ কোটি ৭২ লাখ টকা মূল্যৰ ড্ৰাগছ দাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.